IPL 2025, Riyan Parag: ৰিয়ান পৰাগ, দেউতাকৰ উপাধি দাস…
ক্ৰিকেট যাত্ৰাত আত্মবিশ্বাসেৰে আগবাঢ়ি আজিৰ পৰ্যায়ত উপনীত হৈছে ৰিয়ান । ৰিয়ান বৰ্তমান ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ অন্যতম এগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে । এইবাৰো ৰাজস্থান ৰয়েলছে মেগা নিলামৰ পূৰ্বে তেওঁক ধৰি ৰাখে। প্ৰথম অৱস্থাত সঞ্জু চেমছন আঘাতপ্ৰাপ্ত হৈ থকাৰ বাবে তিনিখন খেলৰ অধিনায়কৰ দায়িত্বও লাভ কৰে ৰিয়ানে । ফিল্ডিঙৰ লগতে বেটিং আৰু বলিঙটো পাকৈত ৰিয়ান । কিন্তু আপুনি জানেনে ৰিয়ান কেনেকৈ ৰিয়ান পৰাগ হ’ল ?
ভাৰতীয় ক্ৰিকেট জগতত এটা চিনাকী নাম হৈছে ৰিয়ান পৰাগ। অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবে এয়া এক গৌৰৱ । শুভমান গিল, পৃথ্বী শ্ব’, অভিষেক শৰ্মা, আৰ্শদীপ সিঙৰ সৈতে একেলগে ২০১৮ চনৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ খেলিছিল ৰিয়ানে । তেতিয়াৰ ৰিয়ান আৰু আজিৰ ৰিয়ানৰ মাজত বৃহৎ পাৰ্থক্য আছে। আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হ’ল তেওঁৰ ফিল্ডিং।
১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ অন্ত পৰা পাছতে ফিটনেছৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিলে ৰিয়ানে । আৰু সেই সময়ৰে পৰা ক্ৰিকেট যাত্ৰাত আত্মবিশ্বাসেৰে আগবাঢ়ি আজিৰ পৰ্যায়ত উপনীত হৈছে ৰিয়ান । ৰিয়ান বৰ্তমান ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ অন্যতম এগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে । এইবাৰো ৰাজস্থান ৰয়েলছে মেগা নিলামৰ পূৰ্বে তেওঁক ধৰি ৰাখে। প্ৰথম অৱস্থাত সঞ্জু চেমছন আঘাতপ্ৰাপ্ত হৈ থকাৰ বাবে তিনিখন খেলৰ অধিনায়কৰ দায়িত্বও লাভ কৰে ৰিয়ানে । ফিল্ডিঙৰ লগতে বেটিং আৰু বলিঙটো পাকৈত ৰিয়ান । কিন্তু আপুনি জানেনে ৰিয়ান কেনেকৈ ৰিয়ান পৰাগ হ’ল ?