Budget 2025: স্বাস্থ্যবীমাৰ পৰা ঔষধৰ মূল্য হ্ৰাসলৈ বাজেটত কি থাকিব?

Updated On: 

30 Jan 2025 15:09 PM

যিমানেই আগুৱাইছে সময়, ৰোগবিলাকো হৈ পৰিছে সিমানেই জটিল । বৰ্তমান প্ৰায় সকলোৰে ঘৰতে প্ৰয়োজন হয় কেতবোৰ চিকিৎসা সঁজুলিৰ । তাৰ বাহিৰে হাস্পতাল, ক্লিনিকবোৰতো অত্যাধুনিক চিকিৎসা সামগ্ৰীৰ প্ৰয়োজন । বিদেশৰ পৰা চিকিৎসা সামগ্ৰী অনা হয় । তাৰ ওপৰত আৰোপিত জি এছ টি বা শুল্ক কমোৱাৰ দাবী উঠিছে এইবাৰৰ বাজেটত ।

১ ফেব্ৰুৱাৰীত দাখিল হ’ব কেন্দ্ৰীয় বাজেট । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰা কি আশা কৰিব পাৰে সাধাৰণ জনতাই ? এখন জনমুখী বাজেট দাখিল কৰিব নে বিত্তমন্ত্ৰীয়ে ? পূৰ্বেও কৰ ৰেহাই, ৰে’ল, সামগ্ৰীৰ মূল্য হ্ৰাস আদিৰ আশা কৰিছিল জনতাই । কিন্তু কৰ’ণাকালৰ পাছত জনতাৰ প্ৰত্যাশাৰ তালিকাত সন্নৱিষ্ট হৈছে স্বাস্থ্যবীমাৰ বিষয়টো । কেৱল বীমা আৱন্টন নহয়, ঔষধৰ মূল্য হ্ৰাসকে ধৰি অনেক আশা কৰে জনতাই ।

স্বাস্থ্যখণ্ডত মোদী চৰকাৰে যি গুৰুত্ব প্ৰদান কৰি আহিছে, কৰ’ণা কালৰ পাছত অধিক বৃদ্ধি পাইছে সেই গুৰুত্ব । বাজেটত স্বাস্থ্য বীমাৰ আৱন্টন আৰু সংস্কাৰৰ ওপৰতেই নিৰ্ভৰ কৰিব এই বাজেটত জনতাৰ স্বাস্থ্যখণ্ডটো কিমান সুলভ বা ব্যয়বহুল হ’ব । বিশেষকৈ জৰুৰীকালীন ক্ষেত্ৰত বা দীঘলীয়া উন্নয়নৰ বাবে বাজেটত স্বাস্থ্য খণ্ডত গুৰুত্ব দিয়া উচিত ।