বন্দে ভাৰত, ৰাজধানীৰ দৰে প্ৰিমিয়াম ৰে’লসমূহৰ মালিক কোন জানেনে?
জানিব পৰা মতে, বন্দে ভাৰত, শতাব্দী এক্সপ্ৰেছৰ দৰে প্ৰিমিয়াম ৰে'লসমূহ প্ৰকৃততে ভাৰতীয় ৰে'লৱে বিত্ত নিগম বা আইআৰএফচিৰ মালিকানাধীন । অৱশ্যে বহুতে ভাবে যে এই ৰে’লবোৰ আইআৰচিটিচিৰ দ্বাৰা পৰিচালিত হয় । কিন্তু আইআৰএফচিয়ে প্ৰিমিয়াম ৰে’ল চলোৱাৰ দায়িত্ব লয় ।
ক্ৰমান্বয়ে শক্তিশালী হৈ আহিছে ভাৰতীয় ৰে’লৱে নেটৱৰ্ক । দেশৰ প্ৰায় চুকে-কোণে নিজৰ পৰিসৰ বিস্তাৰ কৰিছে ভাৰতীয় ৰে’লৱেই । যোৱা দশকত ৰে’লপথ সম্প্ৰসাৰণ হোৱাৰ লগে লগে কেইবাখনো প্ৰিমিয়াম ৰে’লৰ সংযোজন কৰা হৈছে । ইয়াৰ ভিতৰত আছে বন্দে ভাৰত, অমৃত ভাৰত, ডুৰাণ্ট এক্সপ্ৰেছ, শতাব্দী এক্সপ্ৰেছ, ৰাজধানী এক্সপ্ৰেছ প্ৰিমিয়াম ৰে’ল । কিন্তু আপুনি জানেনে এই প্ৰিমিয়াম ৰে’লবোৰৰ মালিক কোন ?
জানিব পৰা মতে, বন্দে ভাৰত, শতাব্দী এক্সপ্ৰেছৰ দৰে প্ৰিমিয়াম ৰে’লসমূহ প্ৰকৃততে ভাৰতীয় ৰে’লৱে বিত্ত নিগম বা আইআৰএফচিৰ মালিকানাধীন । অৱশ্যে বহুতে ভাবে যে এই ৰে’লবোৰ আইআৰচিটিচিৰ দ্বাৰা পৰিচালিত হয় । কিন্তু আইআৰএফচিয়ে প্ৰিমিয়াম ৰে’ল চলোৱাৰ দায়িত্ব লয় । যিয়ে ভাৰতীয় ৰে’লৱেৰ সকলো খৰচ বহন কৰে ।