শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব ? আৰম্ভ হৈছে জল্পনা-কল্পনা

দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব ? আৰম্ভ হৈছে জল্পনা-কল্পনা

manas-borah
Manas Borah | Published: 08 Feb 2025 22:12 PM

২৭ বছৰৰ পাছত দিল্লীত সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বিজেপিয়ে । ফলাফল লাভ কৰাৰ পাছতে দিল্লীৰ মুখ্যমন্ত্রী পদৰ দৌৰত নামিছে বিজেপিৰ কেইবাজনো নেতা ৷ তেওঁলোক কোন ?

দিল্লীত চৰকাৰ গঠনৰ বাবে সাজু হৈছে বিজেপি । ২৭ বছৰৰ পাছত দিল্লীত সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বিজেপিয়ে । প্ৰশ্ন হয়, চৰকাৰ গঠন কৰাৰ পাছত বিজেপিৰ কোন নেতা দিল্লীৰ মুখ্য়মন্ত্ৰী হ’ব ? দিল্লীত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত বিজেপিৰ নাছিল কোনো মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। এইলৈ প্ৰচাৰৰ সময়ত প্ৰায়ে বিজেপিক আক্ৰমণ কৰি আহিছিল আপে । ইতিমধ্যে ফলাফল লাভ কৰাৰ পাছতে দিল্লীৰ মুখ্যমন্ত্রী পদৰ দৌৰত নামিছে বিজেপিৰ কেইবাজনো নেতা ৷ তেওঁলোক কোন ?