শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পৰ্টেলৰ সাংবাদিকক স্বীকৃতি নিদিবলৈ কোনে তুলি আহিছে দাবী?

পৰ্টেলৰ সাংবাদিকক স্বীকৃতি নিদিবলৈ কোনে তুলি আহিছে দাবী?

raj-saikia
Raj Saikia | Published: 31 Mar 2025 20:06 PM

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰা হৈছিল যে তেওঁলৈ সাংবাদিকে ভয় কৰিব লাগিব নেকি । এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলৈ ভয় কৰিব নালাগে, কিন্তু ৰাইজক ভয় কৰিব লাগে । আৰু কি কি ক'লে মুখ্যমন্ত্ৰীয়ে, চাওক সবিশেষ-

পৰ্টেলৰ সাংবাদিকৰ মৰ্যাদাক লৈ ৰাজ্যত শেহতীয়াকৈ বিতৰ্ক হোৱা দেখা গৈছিল । সাংবাদিক দিলোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে পৰ্টেলৰ সাংবাদিকক অসমত সাংবাদিক হিচাপে স্বীকৃতি দিয়া হোৱা নাই । এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল বিভিন্নজনে । তাৰ মাজতে পুনৰ চৰ্চালৈ আহিছে এই প্ৰসংগ ।

টিভি৯ ৰ “হোৱাট ইণ্ডিয়া থিংকছ টুডে” অনুষ্ঠানত অংশ লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সেই অনুষ্ঠানতে এই বিষয়ত প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিকে পৰ্টেলৰ সাংবাদিকক মৰ্যাদা প্ৰদান নকৰিবলৈ দাবী জনায় আহিছে । তেওঁলোকে নিজেই নিশ্চিত কৰি ল’লে চৰকাৰে মৰ্যাদা দিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰা হৈছিল যে তেওঁলৈ সাংবাদিকে ভয় কৰিব লাগিব নেকি । এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলৈ ভয় কৰিব নালাগে, কিন্তু ৰাইজক ভয় কৰিব লাগে । আৰু কি কি ক’লে মুখ্যমন্ত্ৰীয়ে, চাওক সবিশেষ-