ঘৰৰ ভিতৰত তিতা কাপোৰ মেলিলে হ’ব পাৰে স্বাস্থ্যৰ ক্ষতি! সবিশেষ জানক

| Feb 13, 2025 | 7:32 PM

বহুতে হয়তো নাজানে ঘৰৰ ভিতৰত মেলি দিয়া কাপোৰেও আমাৰ ক্ষতি কৰিব পাৰে? শেহতীয়াকৈ কন্টেন্ট ক্ৰিয়েটৰ জেকে এই বিষয়টো উত্থাপন কৰিছে। তাৰ ওপৰতে ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে আমাৰ এই প্ৰতিবেদন…

বহু লোকে বাহিৰত কাপোৰ মেলি দিয়াৰ পৰ্যাপ্ত ঠাইৰ অভাৱৰ বাবে ঘৰৰ ভিতৰত কাপোৰ শুকুৱাবলৈ দিয়ে। কাৰণ সকলোৰে বেলকনি নাথাকে বা থাকিলেও বেছি কাপোৰ মেলি দিবলৈ বেলকনিৰ ঠাইখিনি যথেষ্ট নহয়। কিন্তু বহুতে হয়তো নাজানে ঘৰৰ ভিতৰত মেলি দিয়া কাপোৰেও আমাৰ ক্ষতি কৰিব পাৰে? শেহতীয়াকৈ কন্টেন্ট ক্ৰিয়েটৰ জেকে এই বিষয়টো উত্থাপন কৰিছে। তাৰ ওপৰতে ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে আমাৰ এই প্ৰতিবেদন…

চিকিৎসকৰ পৰামৰ্শমতে ঘৰত ভেঁকুৰ জমা হ’লে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।  তাৰ ভিতৰত এটা হ’ল শ্বাস-প্ৰশ্বাসৰ সমস্যা। উশাহ লোৱাৰ সময়ত এই ভেঁকুৰৰ দৰে বস্তুবোৰত থকা বেক্টেৰিয়া আমাৰ শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে। যাৰ বাবে কাহ, উশাহ লোৱাত কষ্ট, আনকি হাঁপানীৰ দৰে সমস্যা হ’ব পাৰে।