শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Bullet Train: বুলেট ট্ৰেইনৰ সম্মুখৰ অংশ কিয় চৰাইৰ ঠোঁটৰ দৰে?

Bullet Train: বুলেট ট্ৰেইনৰ সম্মুখৰ অংশ কিয় চৰাইৰ ঠোঁটৰ দৰে?

barasha-misra
Barasha Misra | Published: 18 Apr 2025 19:33 PM

ঠোঁটৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ বুলেট ট্ৰেইনৰ ইঞ্জিনৰ ডিজাইন আঁকিছিল। আৰু প্ৰথম প্ৰচেষ্টাটো হিট হৈছিল। বুলেট ট্ৰেইনৰ এই নতুন ডিজাইনে সুৰংগত প্ৰৱেশ কৰাৰ সময়ত হোৱা প্ৰচণ্ড শব্দ নাইকিয়া কৰাই নহয়, বতাহৰ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস কৰে। অৰ্থাৎ বতাহত ঘৰ্ষণ কমি যায়।

জাপানত বুলেট ট্ৰেইনৰ যাত্ৰা আৰম্ভ হৈছিল নব্বৈৰ দশকৰ পৰা। এই তীব্ৰবেগী ৰেলগাড়ীখন অত্যধিক গতি আৰু বতাহৰ চাপৰ বাবে সুৰংগটোৰ সিটো মূৰত তীব্ৰ শব্দৰ সৃষ্টি কৰিছিল। যাৰ বাবে ৰে’ল যাত্ৰীসকল আতংকিত হৈ পৰে।

যাত্ৰীৰ নিৰাপদ যাত্ৰাৰ কথা চিন্তা কৰি ফিজিক্সৰ ব্যৱহাৰ কৰা হয়। ইজি নাকাটছু নামৰ এজন জাপানী অভিযন্তাই বুলেট ট্ৰেইনক নীৰৱে যাত্ৰা কৰিব পৰাকৈ নতুন ডিজাইন তৈয়াৰ কৰিছিল। প্ৰকৃতিপ্ৰেমী ইজিয়ে প্ৰায়ে চৌপাশৰ পৰিৱেশৰ পৰা নিজৰ কামৰ বাবে প্ৰেৰণা পাইছিল।

এদিন ইজিয়ে লক্ষ্য কৰিলে যে যেতিয়া মাছৰোকাই পানীত মাছ ধৰিলে। পানীত কোনো ঢৌৰ সৃষ্টি হোৱা নাছিল। দ্ৰতগতিত আহি এবাৰতে মাছৰোকা চৰায়ে মাছবোৰ ধৰে। ইয়াৰ উত্তৰ বিচাৰিবলৈ ইজি নাকাটছুৱে অধ্যয়ন কৰে। চৰাইৰ চোকা ঠোঁটৰ বাবেও এনে সম্ভৱ। চৰাইৰ ঠোঁট বায়ু বা পানীৰ দৰে বাধাৰ মাজেৰে পাৰ হ’ব পৰাকৈ তৈয়াৰ কৰা হয়।

ঠোঁটৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ বুলেট ট্ৰেইনৰ ইঞ্জিনৰ ডিজাইন আঁকিছিল। আৰু প্ৰথম প্ৰচেষ্টাটো হিট হৈছিল। বুলেট ট্ৰেইনৰ এই নতুন ডিজাইনে সুৰংগত প্ৰৱেশ কৰাৰ সময়ত হোৱা প্ৰচণ্ড শব্দ নাইকিয়া কৰাই নহয়, বতাহৰ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস কৰে। অৰ্থাৎ বতাহত ঘৰ্ষণ কমি যায়। ইয়াৰ ফলত বুলেট ট্ৰেইনৰ গতি বৃদ্ধি কৰাত আৰু অধিক সুবিধা হয়। বিভিন্ন দেশৰ বুলেট ট্ৰেইনৰ ডিজাইন এই জাপানীজ বুলেট ট্ৰেইনৰ পৰা অনুপ্ৰাণিত হৈছে।