Income Tax: কৰ দাতাৰ আকাংক্ষা পূৰণ কৰিবনে নতুন বাজেটে?

Published: 

30 Jan 2025 21:39 PM

পুৰণি আয়কৰ ব্যৱস্থা পৰ্যায়ক্ৰমে বন্ধ কৰা হ’ব। সেইবাবেই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা কেইবছৰমানৰ বাজেট ঘোষণাত নতুন কৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তথ্যনুসৰি, আগন্তুক বাজেটত কেন্দ্ৰীয় চৰকাৰে পুৰণি কৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বাতিল কৰিব পাৰে।

২০২০ চনৰ বাজেটত মোদী চৰকাৰে প্ৰৱৰ্তন কৰিছিল নতুন আয়কৰ ব্যৱস্থা। যাৰ বাবে কৰ ব্যৱস্থা সৰল হ’ল, কিন্তু পুৰণি কৰ ব্যৱস্থাত যিবোৰ কৰ ৰেহাই পোৱা গৈছিল, সেইবোৰ নতুন কৰ ব্যৱস্থাত উপলব্ধ নহয়। বৰ্তমান দুটা কৰ ব্যৱস্থা আছে – পুৰণি আৰু নতুন। কৰদাতাই নিজৰ পছন্দৰ যিকোনো কৰ ব্যৱস্থাত আয়কৰ দাখিল কৰিব পাৰে। অৱশ্যে এতিয়াৰ পৰা আয়কৰদাতাসকলে সেই সুযোগ নাপাব। নতুন আয়কৰ ব্যৱস্থাৰ অধীনত আয়কৰ দাখিল কৰিব লাগিব।

বৰ্তমান নতুন কৰ ব্যৱস্থাৰ জৰিয়তে ৭ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই দিয়া হৈছে। সূত্ৰ অনুসৰি চৰকাৰে এইবাৰৰ বাজেটত নতুন আয়কৰ ব্যৱস্থাত নতুন কৰ স্লেব প্ৰৱৰ্তন কৰিব পাৰে। এই ব্যৱস্থা সেইসকলৰ বাবে, যাৰ বাৰ্ষিক আয় ১৫ৰ পৰা ১৮ লাখ টকা। সেই সীমাত কৰ ২৫ শতাংশ হ’ব পাৰে।