শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
২০০০ টকাতকৈ অধিক UPI পেমেণ্ট কৰিলে দিব লাগিব নেকি GST?

২০০০ টকাতকৈ অধিক UPI পেমেণ্ট কৰিলে দিব লাগিব নেকি GST?

trishna-kalita
Trishna Kalita | Updated On: 20 Apr 2025 22:36 PM

দেশত ইউপিআইৰ লেনদেন দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি তথ্য প্ৰকাশ কৰিছে বিত্ত মন্ত্ৰালয়ে। ২০১৯-২০ বৰ্ষত ২১.৩ লাখ কোটি টকা অনলাইন লেনদেন হোৱাৰ বিপৰীতে ২০২৫ চনৰ মাৰ্চ মাহলৈকে অনলাইন লেনদেনৰ পৰিমাণ ২৬০.৬৫ লাখ কোটি টকা হৈছে।

বিনামূলীয়া নহয় UPI লেনদেন, ২০০০ টকাৰ ওপৰৰ লেনদেনৰ বাবে ভৰিব লাগিব ১৮ শতাংশ GST! এই খবৰ এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এই ঘোষণাই স্তম্ভিত কৰিছে UPI ব্যৱহাকাৰীক। কিন্তু চৰকাৰে সঁচাকৈয়ে অনলাইন লেনদেনত জিএছটি আৰোপ কৰিছে নে? ইয়াৰ উত্তৰ দিলে বিত্ত মন্ত্ৰালয়ে।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে জনোৱা মতে, ২০০০ টকাৰ লেনদেনত ১৮ শতাংশ জিএছটি আৰোপ কৰাৰ কথা ঘোষণা কৰা হোৱা নাই। ইউপিআইৰ লেনদেনত জিএছটি আৰোপ কৰা বুলি যি খবৰ প্ৰচাৰিত হৈছে সেয়া সম্পূৰ্ণ মিছা আৰু বিভ্ৰান্তিকৰ। চৰকাৰে স্পষ্ট কৰি দিছে যে, এনে কোনো প্রস্তাব উত্থাপন হোৱা নাই৷ এতিয়া সাধাৰণ ইউপিআই লেনদেনত কোনো জিএছটি লোৱা নহয়। উল্লেখ্য যে, অনলাইন লেনদেনৰ বাবে মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট (MDR)ৰ দৰে কিছুমান চাৰ্জৰ ওপৰতহে জিএছটি আৰোপ কৰা হৈছিল। কিন্তু ২০২০ চনৰ জানুৱাৰী মাহত মাৰ্চেণ্ট টু মাৰ্চেণ্ট লেনদেনৰ ক্ষেত্ৰত MDRৰ উঠাই দিয়া হৈছিল।সেয়েহে ইয়াৰ ওপৰত কোনো জিএছটি আৰোপ কৰা নহয়।