শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
স্বামীৰ কিডনী বিক্ৰী কৰি টকা লৈ প্ৰেমিকৰ সৈতে উধাও মহিলা...

স্বামীৰ কিডনী বিক্ৰী কৰি টকা লৈ প্ৰেমিকৰ সৈতে উধাও মহিলা…

barasha-sarma
Barasha Sarma | Published: 03 Feb 2025 20:39 PM

স্বামীৰ কিডনী বিক্ৰী কৰি পোৱা ধন লৈ নিৰুদ্দেশ মহিলা । কন্যাৰ শিক্ষাৰ বাবে নিজ স্বামীক কিডনী বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল মহিলাগৰাকীয়ে ।

স্বামীৰ কিডনী বিক্ৰী কৰি পোৱা ধন লৈ নিৰুদ্দেশ মহিলা । কন্যাৰ শিক্ষাৰ বাবে নিজ স্বামীক কিডনী বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল মহিলাগৰাকীয়ে । পত্নীৰ কথামতে স্বামীয়ে কিডনী বিক্ৰী কৰি লাভ কৰিছিল ১০ লাখ টকা । মহিলাগৰাকীয়ে সেই টকাখিনি নিজৰ হাতত ৰাখিছিল । উদ্দেশ্য আছিল এই টকাখিনি দুয়োৱে কন্যাৰ পঢ়া নামত খৰচ কৰিব । কিন্তু সেই উদ্দেশ্য পূৰণ নহ’ল । হঠাতে নিশা ঘৰৰ পৰাই নোহোৱা হ’ল মহিলাগৰাকী। খবৰ আহিল প্ৰেমিকৰ সৈতে পলাই গ’ল মহিলাগৰাকী । এই ঘটনা  পশ্চিমবংগৰ হাওৰা জিলাৰ চানক্ৰেইলৰ।