মৌলবাদীৰ পুনৰ অভ্যুত্থানে হৰণ কৰিব নেকি এইখন দেশৰ মহিলাৰ অধিকাৰ ?
এইবাৰ মহিলাক ফুটবল খেলাত বাধা প্ৰদান মৌলবাদীৰ । খেল বন্ধ কৰাৰ বাবে আক্ৰমণ চলোৱাৰো অভিযোগ । পৰ্দাপ্ৰথা মানি চলিবলৈ বাধ্য কৰা হৈছে মহিলাক ।
ৰাজনৈতিক হিংসাত জৰ্জৰিত বাংলাদেশত এতিয়াও সম্পূৰ্ণৰূপে শান্তিৰ বাতাৱৰণত ঘূৰি অহা নাই । তাৰ মাজতে এক নতুন সমস্যাই দেখা দিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনত । বাংলাদেশত পুনৰ বাংলাদেশীৰ হুংকাৰ । মহিলাৰ ওপৰত জাপি দিয়া হৈছে এটাৰ পাছত আন এটা কঠোৰ নিয়ম । এইবাৰ মহিলাক ফুটবল খেলাত বাধা প্ৰদান কৰা হৈছে বাংলাদেশত । খেল বন্ধ কৰাৰ বাবে আক্ৰমণ চলোৱাৰো অভিযোগ । পৰ্দাপ্ৰথা মানি চলিবলৈ বাধ্য কৰা হৈছে মহিলাক । এইদৰে খেলাধুলা কৰাৰ অধিকাৰ মহিলাৰ নাই বুলি দাবী মৌলবাদীৰ । এই ঘটনাটো সংঘটিত হৈছে বাংলাদেশৰ জয়পুৰহাটৰ আক্কেলপুৰ উপজিলাত । মঙলবাৰে তিলকপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত চলি আছিল মহিলাৰ ফুটবল প্ৰতিযোগিতা । সেই সময়তে একাংশ লোকে আহি চৌহদৰ টিঙৰ বেৰাবোৰ ভাঙি পেলায় । লণ্ড-ভণ্ড কৰাৰ এই দৃশ্য কেমেৰাত বন্দী হৈ ৰয় ।