Indian Railway: নতুন সংযোজন! অসমৰ পৰা ৰে’লেৰে যাব পাৰিব ভূটানলৈ
বৰ্তমান ৰে'লযোগে ভাৰতৰ পৰা বাহিৰৰ আন দুখন দেশলৈ কৰিব পৰিব যাত্ৰা। সেই দুখন দেশ হ'ল বাংলাদেশ আৰু পাকিস্তান। কিন্তু এইবাৰ ৰে'লযোগে ভাৰতৰ ওচৰৰ আন এখন দেশলৈও পাব পাৰিব আপুনি। এয়া ভাৰতীয় ৰে'লৱেৰ নতুন সংযোজন।
ভাৰতৰ ৰে’ল নেটৱৰ্কে ইতিমধ্যে পিছ পেলাইছে বহু দেশক। কেৱল স্থানীয় নহয়, আন্তঃৰাষ্ট্ৰীয় ৰে’লৰো নেটৱৰ্ক আছে ভাৰতত । যদি আপুনিও এগৰাকী ৰে’লযাত্ৰী, এই খবৰে সহায় কৰিব আপোনাক। বৰ্তমান ৰে’লযোগে ভাৰতৰ পৰা বাহিৰৰ আন দুখন দেশলৈ কৰিব পৰিব যাত্ৰা। সেই দুখন দেশ হ’ল বাংলাদেশ আৰু পাকিস্তান। কিন্তু এইবাৰ ৰে’লযোগে ভাৰতৰ ওচৰৰ আন এখন দেশলৈও পাব পাৰিব আপুনি। এয়া ভাৰতীয় ৰে’লৱেৰ নতুন সংযোজন।
ভাৰতৰ ঠিক কাষতে আছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান। এই দেশখন ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ অন্যতম স্থান। এতিয়া ৰে’লযোগে হিমালয়ৰ মাজেৰে যাব পাৰিব ভূটানলৈ । ৰে’লৱেই গ্ৰহণ কৰিছে এই নতুন পদক্ষেপ । এই ৰে’ল লাইনে অসমৰ কোকৰাঝাৰ জিলাক ভূটানৰ গেলফু চহৰৰ সৈতে সংযোগ কৰিব। এই ৰে’ল সংযোগ স্থাপন হ’লেই ভাৰতৰ পৰা ভূটানলৈ যাতায়ত কৰাটো সহজ হৈ পৰিব।