TV9 ASSAM
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ জয়ৰ পিছত মোদী-ট্ৰাম্পৰ কাৰ্যকালত ভাৰত-আমেৰিকাৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে।
চলিত বৰ্ষত ভাৰত-আমেৰিকাৰ মাজত মুঠ বাণিজ্য ১১৮.৩ বিলিয়ন ডলাৰ হ’ব। ট্ৰাম্পৰ কাৰ্যকালত ব্যৱসায় বৃদ্ধিৰ আশা কৰা হৈছে।
বিশ্বৰ অধিকাংশ দেশেই কেৱল আমেৰিকান ডলাৰত ব্যৱসায় কৰাৰ বাবে আমেৰিকান ডলাৰক বিশ্বৰ আটাইতকৈ শক্তিশালী মুদ্ৰা বুলি ধৰা হয়।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ত ৰাছিয়াই আমেৰিকান ডলাৰত ব্যৱসায় কৰিবলৈ অস্বীকাৰ কৰি নিজা মুদ্ৰা ৰুবল ব্যৱহাৰৰ সিদ্ধান্ত কৈছিল।
এই সময়ছোৱাত ভাৰতে ৰাছিয়াৰ পৰা ভাৰতীয় টকাত খাৰুৱা তেল ক্ৰয় কৰিছিল। এই কাৰ্যক ইউৰোপৰ বহু দেশে সমালোচনা কৰিছিল।
যদি আপুনি ১০০ ভাৰতীয় টকাক ডলাৰলৈ ৰূপান্তৰিত কৰে, তেন্তে বিনিময়ত আপুনি কিমান টকা পাব সেই বিষয়ে জনাটো উচিত হ’ব।
২১ নৱেম্বৰত টকাৰ বিপৰীতে ডলাৰৰ মূল্য আছিল ৮৪.৫০ টকা। গতিকে ১০০ টকাৰ বিনিময়ত ১.১৮ আমেৰিকান ডলাৰ লাভ কৰিব।
পঢ়িবলৈ ক্লিক কৰক
টাটা মটৰ্ছৰ আটাইতকৈ কম মূল্যৰ বাহনখন কি জানেনে?