TV9 ASSAM
প্ৰতিদিনে পুৱা ব্ৰাছ কৰাৰ পাছত ২টা বা ৪ টা তুলসী পাত চোবাই খাব। এনে কৰিলে মুখৰ বেয়া গোন্ধ দূৰ হোৱাত সহায় হয়।
বজাৰত আজিকালি সহজে পদিনা পোৱা যায়। গতিকে আপুনি প্ৰতিদিনে দুবাৰকৈ পদিনাৰ পাত খাব পাৰে। ই পেটৰ বাবে ভাল লগতে মুখৰ গোন্ধ দূৰ কৰে।
বহুতে খাদ্য গ্ৰহণ কৰাৰ পাছত চুপাৰী বা চফ আদি খায়। গতিকে আপুনিও খাদ্য গ্ৰহণ কৰাৰ পাছত চফ খাব পাৰে। ই মুখৰ বেয়া গোন্ধ দূৰ কৰে।
কুহুমীয়া পানীত আধা নেমু ৰস মিহলাই তাত ১ চামুচ মৌ মিহলাব। পাছত এই পানীখিনিৰে কুলকুলা কৰিব। এনে কৰিলে মুখৰ বেয়া গোন্ধ নোহোৱা হয়।
নিমখ আৰু বেকিং চোডা লওক। পাছত ইয়াক ১ কাপ কুহুমীয়া পানীত মিহলাই মুখ চাফ কৰিব। এই মিশ্ৰণেৰে কুলকুলা কৰিলে মুখৰ গোন্ধ নাইকীয়া হয়।
দিনত ২ বাৰকৈ ব্ৰাছ কৰা জৰুৰী। ইয়াৰোপৰি কিবা খাদ্য গ্ৰহণ কৰাৰ পাছত কুলকুলা কৰিব। এনে কৰিলে মুখৰ গোন্ধ নোলায়। জিভাও চাফ কৰিব।
অৱশ্যে কিছুমানৰ স্বাস্থ্যজনিত কাৰণতো মুখ গোন্ধায়। গতিকে এই ক্ষেত্ৰত আপুনি বিশেষজ্ঞৰ পৰামৰ্শ লোৱা আৱশ্যক।
পঢ়িবলৈ ক্লিক কৰক