TV9 ASSAM
দেওবাৰে অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত অসম চৰকাৰ আৰু আছুৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
আজিৰ বৈঠকত খিলঞ্জীয়া নাগৰিকৰ ভূমি অধিকাৰ সুৰক্ষাৰ বাবে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই ক্ষেত্ৰত জনজাতীয় বেল্ট ব্লকৰ দৰে ৰাজহ চক্ৰ গঠন হ’ব।
ৰাজহ চক্ৰৰ ভিতৰৰ মাটি-বাৰীৰ অধিকাৰ থাকিব কেৱল খিলঞ্জীয়া অসমীয়াৰ হাতত। ইয়াৰ বাবে ব্লক চিনাক্ত কৰা হ'ব।
ৰাজ্য চৰকাৰ আৰু আছুই চিনাক্ত কৰা ব্লকত কেৱল তিনিটা প্ৰজন্ম বা ১৯৫১চনৰ পূৰ্বে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনাবেচা কৰিব পাৰিব।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, এইক্ষেত্ৰত জনজাতীয়, অনুসূচীত জাতি আৰু ৬ জনগোষ্ঠীৰ পৰা প্ৰমাণপত্ৰ বিচৰা নহয়।
ৰাজ্য চৰকাৰে এয়াও স্পষ্ট কৰি দিয়ে যে এই নিয়ম নগৰসমূহত প্ৰযোজ্য নহয়। কি কি ব্লক বাচনি কৰিব সেয়া শীঘ্ৰেই পোহৰলৈ আহিব।
আছুই এই সন্দৰ্ভক কয় যে, অসমক অসমীয়াৰ অধিকাৰ, সুৰক্ষা,সাংবিধানিক ৰক্ষা কবচ সুনিশ্চিত নোহোৱা পৰ্যন্ত যুঁজি যাব। ৰাজ্য চৰকাৰ আৰু আছুৰ পৰৱৰ্তী বৈঠক ১০ মাৰ্চৰ আগত হ'ব।
পঢ়িবলৈ ক্লিক কৰক