৭ অক্টোবৰ, ২০২৪
TV9 ASSAM
নোবেল বঁটা জয় কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। গীতাঞ্জলীৰ বাবে তেওঁ ১৯১৩ চনত সাহিত্যৰ নোবেল লাভ কৰিছিল।
তেওঁৰ লগতে হৰগোবিন্দ খুৰানা, ভেংকটাৰমণ ৰামকৃষ্ণন, কৈলাশ সত্যাৰ্থী, অমৰ্ত্য সেন, চন্দ্ৰশেখৰ ভেংকটাৰমণ আৰু অভিজিৎ বেনাৰ্জীয়ে লাভ কৰিছে নোবেল।
নোবেল বঁটা জয়ী সৰ্বকনিষ্ঠ ভাৰতীয়গৰাকী হৈছে অভিজিৎ বেনাৰ্জী। ২০১৯ চনত তেওঁ এই সন্মানীয় নোবেল বঁটা লাভ কৰিছিল।
অভিজিৎ বেনাৰ্জীয়ে ৫৮ বছৰ বয়সত ২০১৯ চনত অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
তেওঁ হৈছে দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা গৱেষণা কেন্দ্ৰ আব্দুল লতিফ জামিল পৱাৰ্টি একচন লেবৰ সহ-প্ৰতিষ্ঠাপক।
অভিজিৎ বেনাৰ্জীৰ জন্ম হৈছিল মুম্বাইত। তেওঁৰ পিতৃ-মাতৃ অৰ্থনীতিৰ অধ্যাপক আছিল।
কলিকতা বিশ্ববিদ্যালয় আৰু দিল্লীৰ জৱাহৰ লাল বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰা অভিজিত বেনাৰ্জীয়ে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰে।
देखने के लिए क्लिक करें