অভিষেকে  কৈছিল- মোক জনাব কেতিয়া দ্বিতীয় বিবাহ কৰিম

31 OCT, 2024 

TV9 ASSAM

বিগত কেইটামান দিন ধৰি অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ সম্পৰ্ক বিশেষ চৰ্চাত আছে। একাংশৰ মতে দম্পতীহালৰ মাজত বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া চলি আছে।

অভিষেক- ঐশ্বৰ্য

 বিগত কিছুদিনত খবৰ প্ৰকাশ হৈ আহিছে যে অন্য এগৰাকী অভিনেত্ৰীৰ বাবে অভিষেক আৰু ঐশ্বৰ্য ৰয়ৰ সম্পৰ্কত ফাঁট মেলিছে। অৱশ্যে বিবাহ বিচ্ছেদ সন্দৰ্ভত এতিয়ালৈকে দুয়ো কোনো মন্তব্য আগবঢ়োৱা নাই।

বিচ্ছেদ

এয়া প্ৰথমবাৰৰ বাবে নহয়, ২০১৪ চনতো দুয়োৰে বিবাহ বিচ্ছেদৰ উৰা বাতৰি ওলাইছিল।  তেতিয়া এই সন্দৰ্ভত ছ'চিয়েল মিডিয়াত অভিষেকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।

২০১৪ ত হৈছিল

বৰ্তমান সময়ত অভিষেক বচ্চনৰ পুৰণি টুইট এটি ভাইৰেল হৈ পৰিছে। য'ত তেওঁ কৈছে- ঠিক আছে, আপোনালোকৰ মতে মোৰ বিবাহ বিচ্ছেদ হৈ আছে। এয়া মোক জনোৱা বাবে ধন্যবাদ।

পুৰণি টুইট

লগতে তেওঁ লিখে- "আপোনালোকে মই এয়া ক'ব নেকি দ্বিতীয়বাৰৰ বাবে কেতিয়া মই বিবাহ পাশত আৱদ্ধ হ'ম। ধন্যবাদ"। উৰা বাতৰি প্ৰচাৰ কৰাসকলক এই কথা কৈছিল অভিষেকে।

বিবাহ

কিন্তু বৰ্তমান সময়ত এই সন্দৰ্ভত অভিষেকে কোনো মন্তব্য কৰা নাই। বিগত কেইবামাহ ধৰি অভিষেক আৰু ঐশ্বৰ্য ৰয়ক একেলগে দেখা নাই কোনোৱে। যাৰ বাবে একাংশৰ এই সন্দেহ বেছি হৈছে।

এতিয়া কি কয়

অভিযোগ অনুসৰি বৰ্তমান সময়ত অভিষেকৰ নিমৰত কৌৰৰ সৈতে অবৈধ সম্পৰ্ক আছে। এইগৰাকী অভিনেত্ৰীৰ লগত অভিষেকে দশৱী নামৰ ছবিখনত একেলগে কাম কৰিছিল।

নিমৰত কৌৰ

পঢ়িবলৈ ক্লিক কৰক

ডিজিটেল কণ্ডম কি