TV9 ASSAM
আজিৰ পৰা দুদিনীয়া কাৰ্যাসূচীৰে আৰম্ভ হয় এডভান্টেজ আছাম ২.০ । আজিৰ এই বিনিয়োগ সন্মিলনখন উদ্ধোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৬১ খন দেশৰ ৰাষ্ট্ৰদূতসকলে । ইয়াৰ সমান্তৰালভাৱে উপস্থিত আছিল উদ্যোগপতি আৰু বিনিয়োগকাৰীসকল ।
উদ্বোধনী ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এডভান্টেজ আছাৰ ১.০ সময়ত ৩ লাখ কোটি টকাৰ অৰ্থনীতি আছিল । বৰ্তমান ৬ লাখ কোটি টকা হ'ল অসমৰ অৰ্থনীতি ।
তেওঁ কয় যে, অসম ষ্টাৰ্ট-আপৰ গন্তব্যস্থান হৈ পৰিছে আৰু অতি সোনকালে উত্তৰ-পূব অঞ্চলৰ উৎপাদনৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব।
উদ্ধোধনী অনুষ্ঠানত ভাষণ দি মুকেশ আম্বানীয়ে অহা ৫ বছৰত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ কৰা কথা ঘোষণা কৰে ।
একেদৰে আদানী গ্ৰুপে অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে । উদ্বোধনী অনুষ্ঠানত ভাষণ দি এই কথা সদৰী কৰে গৌতম আদানীয়ে ।
ইফালে, অসমৰ সৈতে টাটা গ্ৰুপৰ গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে বুলি উল্লেখ কৰি অসমত অহা ৫ বছৰত ৩০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব ঘোষণা কৰে অধ্যক্ষ এন চন্দ্ৰশেখৰণে ।
পঢ়িবলৈ ক্লিক কৰক