অৱসৰ সন্দৰ্ভত এয়া কি ক’লে বিৰাট কোহলীয়ে!

16 March 2025

TV9 ASSAM

চেম্পিয়নছ ট্ৰফীৰ পিছতে ভাৰতীয় দলৰ কেইবাগৰাকীও জ্যেষ্ঠ ক্ৰিকেটাৰে অৱসৰ ল’ব পাৰে শংকিত হৈ আছিল ভাৰতীয় অনুৰাগীসকল।

অনুৰাগীৰ শংকা

এনে চৰ্চাৰ মাজতে অধিনায়ক ৰোহিত শৰ্মাই চেম্পিয়নছ ট্ৰফী জয়ৰ পিছতে এদিনীয়াত তেওঁ খেলি যাব বুলি স্পষ্ট কৰি দিয়ে।

ৰোহিতৰ মন্তব্য

ইফালে ৰবীন্দ্ৰ জাদেজাই এক পোষ্টৰ জৰিয়তে উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনাই অৱসৰৰ সম্ভাৱনা পৰোক্ষভাৱে নাকচ কৰে।

জাদেজাৰ পোষ্ট

দলৰ আন এগৰা জ্যেষ্ঠ তাৰকা বিৰাট কোহলীয়েও এতিয়া অৱসৰৰ আলোচনা সন্দৰ্ভত কিছু বিশেষ ইংগিত প্ৰদান কৰিছে।

কি ক’লে কোহলীয়ে

আই পি এল ২০২৫ আৰম্ভ হোৱাৰ ঠিক পূৰ্বে আৰ চি বিৰ এক ইভেণ্টত কোহলীয়ে কয় যে এই মুহূৰ্তত তেওঁ এনে কোনো ঘোষণা কৰিব বিচৰা নাই।

ক’লে এইদৰে

অৱশ্যে তেওঁ এতিয়াও খেলি ভাল পায় বুলি উল্লেখ কৰি কোহলীয়ে লগতে কোনো চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে।

নাই চিন্তাৰ কাৰণ

অৱশ্যে তাৰ মাজতে অষ্ট্ৰেলিয়াত তেওঁ হয়তো আৰু কোনো টেষ্ট শৃংখলাত নেখেলিব পাৰে বুলি আন এক গুৰুত্বপূৰ্ণ মন্তব্যও কৰে কোহলীয়ে।

অষ্ট্ৰেলিয়াত টেষ্ট

পঢ়িবলৈ ক্লিক কৰক 

কিমান পেঞ্চন লাভ কৰে গম্ভীৰে?