TV9 ASSAM
জ্যোতিষ শাস্ত্ৰ অনুসৰি গ্ৰহৰ স্থিতিয়ে ব্যক্তিৰ জীৱনত প্ৰভাৱ পেলায়। কিছুমানৰ চাকৰিৰ ক্ষেত্ৰত বাধাই দেখা দিয়ে। ইয়াৰ কাৰণ গ্ৰহ দোষ হয়। অৱশ্যে এই দোষ দূৰ কৰাৰ উপায় আছে।
জন্ম কুণ্ডলীত বহু কথা উল্লেখ থাকে। গতিকে কোনো ভাল জ্যোতিষীক কুণ্ডলী দেখাব পাৰে। কিয়নো আপোনাৰ গ্ৰহৰ স্থিতিৰ বিশ্লেষণ কৰি তেওঁ ক'ব পাৰিব যে আপোনাৰ ৰাশিত কি গ্ৰহৰ দোষ পৰি আছে।
জ্য়োতিষ শাস্ত্ৰ অনুসৰি নৱগ্ৰহ শান্তি পূজা কৰিলে গ্ৰহৰ অশুভ প্ৰভাৱ নোহোৱা হয়। লগতে দীৰ্ঘ দিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হয় আৰু সফলতা পোৱা যায়।
চাকৰিৰ কাৰণ শনি দেৱ বুলি কোৱা হয়। গতিকে শনিবাৰে শনি মন্দিৰত তিল তেলৰ চাকি জ্বলাই শনি চালিচা পাঠ কৰিলে শনি সন্তুষ্ট হয় বুলি কোৱা হয়। গতিকে আপুনি এই উপায় কৰিব পাৰে।
গণেশ বিঘ্নহৰ্তা বুলি কোৱা হয়। গণেশৰ পূজা কৰিলে আপোনাৰ জীৱনৰ পৰা বহু সমস্যা নোহোৱা হয় বুলি কোৱা হয়। গতিকে আপুনি চাকৰিৰ বাধা দূৰ কৰিবলৈ গণেশ পূজা কৰিব পাৰে।
মান্যতা অনুসৰি সূৰ্য দেৱে আত্মবিশ্বাস আৰু নেতৃত্বৰ ক্ষমতা প্ৰদান কৰে। প্ৰতিদিনে তামৰ পাত্ৰত পানী লৈ সূৰ্য দেৱক জল অৰ্পন কৰিলে শুভ ফল পোৱা যায় বুলি কোৱা হয়।
জ্যোতিষ শাস্ত্ৰ অনুসৰি মঙলবাৰ আৰু শনিবাৰে হনুমান চলিচা পাঠ কৰিলে বহু বাধা দূৰ হয়। গতিকে চাকৰিৰ ক্ষেত্ৰত যদি বাধা আহি পৰিছে তেন্তে হনুমানক পূজা কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক