TV9 ASSAM
শীতকালত আমাৰ ছালত বহু পৰিৱৰ্তন দেখা যায় । শীতকালত প্ৰায়ে ছালখন শুকান হোৱাৰ সমস্যা সৃষ্টি হয় ।
এই সময়ছোৱাত ছালখন শুকান হোৱাৰ বাবে বিভিন্ন ছালৰ সমস্যা হোৱা দেখা যায় । গতিকে এই সময়ছোৱাত ছালৰ যত্ন লোৱাৰ অতি প্ৰয়োজন ।
ঠাণ্ডা বতৰত ছালত আৰ্দ্ৰতা বজাই ৰাখিবলৈ এলোভেৰা জেল প্ৰয়োগ কৰিব পাৰি। এন্টিঅক্সিডেন্টৰ লগতে ইয়াৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-ফাংগেল গুণো আছে।
এলোভেৰা আৰু আলমণ্ড অইলৰ মিশ্ৰণ প্ৰয়োগ কৰিলে ক’লা দাগ কম হয়। আলমণ্ড অইলত এন্টিঅক্সিডেন্ট আৰু ভিটামিন ই থাকে ।
এলোভেৰা আৰু নাৰিকল তেলও সতেজ ছালৰ বাবে উপকাৰী। এই দুয়োটা মিশ্ৰণ প্ৰয়োগ কৰিলে ছাল শুকান নহয় ।
এলোভেৰা জেলত হালধি মিহলাই মুখত লগাব পাৰে। হালধিত প্ৰদাহ নিবাৰণ আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ আছে।
কিন্তু এলোভেৰা জেলৰ যিকোনো ধৰণৰ মিশ্ৰণ ছালত লগোৱাৰ আগতে ছালৰ পে্টচ টেষ্ট কৰক।
পঢ়িবলৈ ক্লিক কৰক