TV9 ASSAM
এলোভেৰাৰ জেল বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। ছালৰ সমস্যাৰ পৰা আৰম্ভ কৰি চুলিৰ সমস্যালৈ বিভিন্ন দিশত ই সহায় কৰে। যাৰ বাবে বহুতো ছাল আৰু চুলিত এই জেল লগায়।
ছাল ধুনীয়া আৰু উজ্বল কৰি ৰাথিবলৈ ভিটামিন ই অন্তন্য ভাল। ছালৰ বাবে প্ৰয়োজনীয় উপাদান ভিটামিন ই-ত থাকে। যাৰ বাবে ইয়াত মুখত ব্যৱহাৰ কৰিব পাৰি।
এলেভোৰা আৰু ভিটামিন ই মিহলাই আপুনি মুখত লগাব পাৰে। মাত্ৰ ১ মাহৰ ভিতৰতে আপুনি ইয়াৰ পৰিণাম দেখিবলৈ পাব।
এলোভেৰা জেলত ভিটামিন ই-কেপচুল এটা মিহলাই ছালত লগালে ছালৰ পৰা জাহ নোহোৱা হয়। ইয়াৰ ফলত ছালখন ধুনীয়া হৈ পৰে। ই ছাল উজ্বল কৰি তোলে।
এলোভেৰা জেলত ভিটামিন ই মিহলাই মুখত ব্যৱহাৰ কৰিলে বয়সৰ প্ৰভাৱ দেখা নাযায়। ইয়াত বিভিন্ন ধৰণ পুষ্টিকৰ উপাদান থাকে যিয়ে ছালত বয়সৰ প্ৰভাৱ পৰাৰ পৰা ৰক্ষা কৰে।
কিছুমান মানুহ শুকান ছালৰ সমস্যাত ভোগে। এনেলোকসকলে ছালত এলোভেৰা জেল আৰু ভিটামিন ই কেপচুল লগাব পাৰে। ইয়াৰ ফলত ছাল কোমল হৈ পৰিব।
প্ৰথমে মুখখন ভালদৰে ধুই লওক। পাছত এক চামুছ এলোভেৰা জেলত ভিটামিন ই কেপচুল এটা মিহলি কৰি মুখৰ পৰা ডিঙিলৈ লগাৱক। ১৫-২০ মিনিট পাছত মুখখন ধুই দিব।
পঢ়িবলৈ ক্লিক কৰক