২৪ ঘণ্টাত ৭ গৰাকী ভাৰতীয়ই অৰ্জন কৰিলে শতক

১৯ অক্টোবৰ ২০২৪

TV9 ASSAM

বিগত ২৪ ঘণ্টা সময় ভাৰতীয় ক্ৰিকেটৰ বাবে যথেষ্ট আশাপ্ৰদ হিচাপে বিবেচিত হৈছে। দেশৰ ৭ গৰাকী খেলুৱৈয়ে এই সময়ত অৰ্জন কৰিছে শতক।

শতকৰ বৰষুণ

বাংগালুৰুত নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্টত আজি কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰে ছৰফৰাজ খানে।

ছৰফৰাজ খান

দীঘলীয়া সময়জুৰি ভুগি থকা দুৰ্বল ফৰ্মৰ অন্ত পেলাই শ্ৰেয়স আয়াৰে আজি মহাৰাষ্ট্ৰৰ বিৰুদ্ধে ৰঞ্জী মেচত মুম্বাইৰ হৈ শতক অৰ্জন কৰে।

শ্ৰেয়স আয়াৰ

ৰঞ্জী ট্ৰফীত শতক অৰ্জন কৰে ঈশান কিষানেও। ঝাৰখণ্ডৰ অধিনায়ক কিষানে ৰে’লৱেৰ বিৰুদ্ধে ১০১ ৰান সংগ্ৰহ কৰে।

ঈশান কিষান

দিল্লীৰ বিৰুদ্ধে চলিত ৰঞ্জী মেচত তামিলনাডুৰ হৈ শতক অৰ্জন কৰে ৱাশ্বিংটন সুন্দৰে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁৰ এয়া দ্বিতীয়টো শতক।

ৱাশ্বিংটন সুন্দৰ

তামিলনাডুৰে আন এগৰাকী যুৱ তাৰকা ছাই সুদৰ্শনে দিল্লীৰ বিৰুদ্ধে ২১৩ ৰানৰ এক চমকপ্ৰদ দ্বিশতকীয় ইনিংছ খেলে।

ছাই সুদৰ্শন

উৰিষ্যাৰ বিৰুদ্ধে ৰঞ্জী মেচত জম্মু-কাশ্মীৰৰ হৈ শতক অৰ্জন কৰে আব্দুল ছামাদে। তেওঁ ১১৭টা বলত ১২৭ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে।

আব্দুল ছামাদ

মহাৰাষ্ট্ৰৰ বিৰুদ্ধে মুম্বাইৰ ১৭ বছৰীয়া বেটছমেন আয়ুষ ম্হাত্ৰেই শতক অৰ্জন কৰে। ৰঞ্জী ট্ৰফীত নিজৰ প্ৰথমটো শতকৰ সোৱাদ লাভ কৰে আয়ুষে।

আয়ুষ ম্হাত্ৰে

পঢ়িবলৈ ক্লিক কৰক

ছলমান-ল’ৰেন্সৰ মিত্ৰতা