TV9 ASSAM
মুখৰ ছাল উজ্বল আৰু ধুনীয়া কৰি ৰাখিবলৈ বহুতে বহু ব্যৱস্থা গ্ৰহণ কৰে। সকলোৱে বিচাৰে মুখৰ ছাল ধুনীয়া আৰু উজ্বল হওক। ইয়াৰ বাবে বহুতে ঘৰুৱা উপায়ো অৱলম্বন কৰে।
ছালৰ বাবে এলোভেৰা জেল অত্যন্ত উপকাৰী। এলেভেৰাই ছালত পুষ্টিকৰ উপাদানৰ যোগান ধৰে। যাৰ বাবে ছাল উজ্বল আৰু ধুনীয়া হৈ থকাত ই সহায় কৰে।
এলোভেৰা জেলে ছালৰ সমস্যা দূৰ কৰে। ইয়াত এন্টি ইমফ্লমেটৰী, এন্টি বেক্টেৰিয়েল আদি বিভিন্ন ধৰণৰ বস্তু থাকে। যিয়ে ছালৰ দাগ আঁতৰ কৰাৰ লগতে সংক্ৰমণ আদিৰ পৰা ৰক্ষা কৰে।
নিশা এলোভেৰা জেল লগোৱা ভাল। প্ৰতিদিনে নিশা শুৱাৰ পূৰ্বে এলোভেৰা জেল লগালে ছাল উজ্বল হয়। লগতে দাগ আদি নোহোৱা হয়। ই ছালক সুস্থ কৰি ৰাখে।
এলোভেৰা জেলত গোলাপ জেল মিহলাই মুখত লগাব পাৰে। মুখত এয়া লগালে দাগ দূৰ হোৱাৰ লগতে বিভিন্ন সংক্ৰমণ প্ৰতিৰোধ কৰি ৰখাত সহায় কৰে।
এলেভোৰা জেলত অলপ মিহলাব লাগে। এনে কৰিলে ছালখন ভালে থাকে। এয়া মুখত লগোৱাৰ প্ৰায় ৩০ মিনিট পাছত মুখ ধুই দিব লাগে।
গতিকে আপুনি প্ৰতিদিনে নিশা মুখত এলোভেৰা জেল লগাব পাৰে। ইয়াৰ ফলত ছালৰ বিভিন্ন সমস্যা নোহোৱা হয় আৰু ই ছালৰ সৌন্দৰ্য বৃদ্ধি কৰে।
পঢ়িবলৈ ক্লিক কৰক