TV9 ASSAM
৪৮ লাখ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ উপভোক্তাৰ বাবে প্ৰতি ইউনিটত ১ টকাকৈ ৰেহায় । ৰাজসাহাৰ্যৰ বাবে ৩০০ কোটি টকা ধাৰ্য ।
৬.৮ লাখ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে ৫,০০০ টকাকৈ এককালীন আৰ্থিক সাহায্য । ইয়াৰ বাবে ৩৪২ কোটি আৱণ্টন ।
চলিত বৰ্ষৰ জানুৱাৰীলৈকে ১ লাখ লক্ষ্য অতিক্ৰম কৰি ১,১৯,৮৯৯ টা নিযুক্তি । অতিৰিক্ত ৪০,৬৯৭টা চাকৰিৰ বিজ্ঞাপন । মুঠ নিয়োগৰ সুযোগ ১,৬০,৫৯৬ লৈ বৃদ্ধি ।
৩০ লাখ গ্ৰাম্য আত্মসহায়ক গোটৰ সদস্য আৰু ২ লাখ নগৰীয়া আত্মসহায়ক গোটৰ সদস্যৰ বাবে ১০,০০০ মূলধন । মহিলা উদ্যোগীৰ বাবে আৱণ্টন দিয়া হৈছে ৩,০৩৮ কোটি টকা ।
ঔদ্যোগিক উদ্যানৰ বাবে ৫০০ কোটি টকা আৱণ্টন । জাগীৰোড আৰু পলাশবাৰীত ৮,০০০ কোটি টকীয়া টাউনশ্বিপ প্ৰকল্প ঘোষণা ।
হাতী-মানুহৰ সংঘাতৰ দ্বাৰা প্ৰভাৱিত পাঁচখন জিলাত ৰূপায়ন কৰা হ'ব "গজ মিত্র কাৰ্যসূচী"। জিলা কেইখন হৈছে গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা আৰু শোণিতপুৰ ।
২৫ হাজাৰ নামঘৰ আৰু ধৰ্মীয় অনুষ্ঠানলৈ আৰ্থিক সাহায্য । আন্তঃগাঁথনি উন্নয়নৰ বাবে আৱণ্টন দিয়া হৈছে ৪২০ কোটি টকা ।
পঢ়িবলৈ ক্লিক কৰক