ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰিব অসমে

13 Oct 2024

TV9 ASSAM

অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে দিয়া স্বীকৃতিক উদযাপনৰ বাবে ‘ভাষা গৌৰৱ সপ্তাহ’কাৰ্যসূচীৰ ঘোষণা কৰিছে ৰাজ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ভাষা গৌৰৱ সপ্তাহ

কেন্দ্ৰীয় কেবিনেটে যোৱা ৩ অক্টোবৰত মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষাৰ লগতে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল।

 ধ্ৰুপদী ভাষাৰ স্বীকৃতি

এই ঐতিহাসিক স্বীকৃতিক উদযাপনৰ অৰ্থে অসমে ৩ ৰ পৰা ৯ নৱেম্বৰ ২০২৪ লৈ "ভাষা গৌৰৱ সপ্তাহ" পালন কৰিব।

স্বীকৃতিক উদযাপন

সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

সামাজিক মাধ্যমত এই কথা ঘোষণা

এই সপ্তাহটোত চতুৰ্থ শতিকাৰ পৰাই ভাষাটোক গঢ় দিয়া অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনাই অনুষ্ঠান আয়োজন কৰা হ'ব।

 পণ্ডিতসকলৰ অৱদানক সন্মান

এই বিশেষ সপ্তাহটোত বিশ্ববিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহে অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব ।

বিশেষ কাৰ্যসূচী 

লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,এই গুৰুত্বপূৰ্ণ স্বীকৃতিৰ বাবে অসমৰ জনসাধাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব।

 কৃতজ্ঞতা জ্ঞাপন

পঢ়িবলৈ ক্লিক কৰক

TV9ৰ ভাৰত মহোৎসৱৰ দৰ্শনাৰ্থীক মনোমুগ্ধ কৰিলে নৃত্যশিল্পীয়ে