দূৰ্গা পূজাৰ উপলক্ষে চাহ শ্ৰমিকৰ বাবে ডাঙৰ উপহাৰ

6 Oct 2024

TV9 ASSAM

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে । বাগিচাসমূহতো দূৰ্গা পূজাৰ প্ৰস্তুতি চলি আছে ।

দূৰ্গা পূজাৰ প্ৰস্তুতি

শাৰদীয় দুৰ্গোৎসৱ বুলিলে অসমৰ চাহ বাগিচাসমূহত অন্য এক পৰিৱেশে বিৰাজ কৰে । শাৰদীয় বতৰত চাহ বাগিচাসমূহৰ দূৰ্গা পূজাৰ আমেজেই সুকীয়া ।

চাহ বাগিচাসমূহত দূৰ্গা পূজাৰ আমেজ

উৎসৱৰ বতৰত চাহ বাগিচা শ্ৰমিকসকলক ডাঙৰ উপহাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । বাগিচাৰ শ্ৰমিকসকলে লাভ কৰিব পূজাৰ বোনাচ ।

পূজাৰ বোনাচ

ইতিমধ্যে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলক পূজাৰ বোনাচ দিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি, দূৰ্গা পূজা উদযাপনৰ বাবে অসম চাহ নিগম লিমিটেডৰ শ্ৰমিক-কৰ্মচাৰীসকলে ৭৮ কোটি টকাৰ ২০ শতাংশ বোনাচ লাভ কৰিব।

 ২০ শতাংশ বোনাচ

মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয় যে, কঠোৰ পৰিশ্ৰমী চাহ বাগিচাৰ সমাজৰ সৈতে আনন্দৰ ভাগ লৈছো। এ টি চি এলৰ শ্ৰমিক আৰু কৰ্মচাৰীসকলে ২০% বোনাচ লাভ কৰিব।

চাহ বাগিচা সমাজৰ আনন্দ

পূজাৰ বতৰত এই বোনাচে ৮০০ৰো অধিক চাহ বাগিচাৰ ১০ লাখৰো অধিক শ্ৰমিকক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে ।

১০ লাখৰো অধিক শ্ৰমিক উপকৃত

পঢ়িবলৈ ক্লিক কৰক

ওজন হ্ৰাস কৰিবলৈ ত্যাগ কৰক এই অভ্যাস