উদ্যোগীকৰণৰ ক্ষেত্ৰত অন্য ৰাজ্যৰ সৈতে প্ৰতিযোগিতাত নামিছে অসম

7 Oct 2024

TV9 ASSAM

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে, ৰাজ্যখনে এতিয়া নতুন উদ্যোগক আকৰ্ষণৰ ক্ষেত্ৰত কৰ্ণাটকৰ দৰে অঞ্চলৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে।

কৰ্ণাটকৰ দৰে ৰাজ্যৰ সৈতে প্ৰতিযোগিতা

মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে, অসম উদ্যোগ প্ৰতিষ্ঠা কৰিব বিচৰা বিনিয়োগকাৰীৰ বাবে পছন্দৰ গন্তব্যস্থানলৈ পৰিগণিত হৈছে ।

বিনিয়োগকাৰীৰ পছন্দ

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমৰ জনসংখ্যাৰ গড় বয়স ২২.৭ বছৰ।

জনসংখ্যাৰ গড় বয়স

তেওঁ কয় যে,বিশ্বৰ প্ৰেক্ষাপটত ভাৰতক যুৱ ৰাষ্ট্ৰ বুলি গণ্য কৰা হয় । ভাৰতৰ ভিতৰত যুৱ প্ৰদেশ বা ৰাজ্য হৈছে অসম ।

অসম এখন যুৱ ৰাজ্য

মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যত যুৱক-যুৱতীৰ সংখ্যা বেছি হোৱাৰ বাবে চাকৰিৰ আশা, কৰ্মসংস্থাপনৰ আকাংক্ষা, কাম কৰাৰ স্পষ্ট ইচ্ছা দেখা যায় ।

কৰ্মসংস্থাপনৰ আকাংক্ষা

গতিকে ৰাজ্য় চৰকাৰে চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে উদ্যোগীকৰণৰ পৰিৱেশ সৃষ্টিৰ প্ৰচেষ্টা কৰিছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

উদ্যোগীকৰণৰ পৰিৱেশ সৃষ্টি

ৰাজ্যত হোৱা উদ্যোগীকৰণে স্থানীয় জনসাধাৰণৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

কৰ্মসংস্থাপনৰ সুযোগ

পঢ়িবলৈ ক্লিক কৰক

পূজা বতৰত পথ সুৰক্ষাৰ নিৰ্দেশনা