দুৰ্গা পূজাৰ সমিতিসমূহক ১০ হাজাৰ টকাৰ সাহায্য প্ৰদান অসম চৰকাৰৰ

5 Oct 2024

TV9 ASSAM

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে, ৰাজ্য চৰকাৰে একেৰাহে দ্বিতীয় বছৰৰ বাবে সামূহিক দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত সাহায্য প্ৰদান কৰিব ।

সাহায্য প্ৰদান

এই পদক্ষেপৰ দ্বাৰা তিনি বছৰতকৈও অধিক সময় ধৰি দুৰ্গা পূজা উদযাপন কৰি অহা ৮ হাজাৰ পূজা সমিতি উপকৃত হ’ব।

৮ হাজাৰ পূজা সমিতি উপকৃত

এই সমিতিসমূহৰ প্ৰতিখন সমিতিয়ে লাভ কৰিব ১০ হাজাৰ টকাৰ আৰ্থিক সাহায্য। এই সিদ্ধান্তৰ লক্ষ্য হৈছে সাংস্কৃতিক আৰু ধৰ্মীয় উৎসৱক সমৰ্থন কৰা।

১০ হাজাৰ টকাৰ আৰ্থিক সাহায্য

ইফালে, গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সুৰক্ষা প্ৰট’কল মানি চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক পৰামৰ্শ জাৰি কৰিছে।

সুৰক্ষা প্ৰট’কল মানি চলক

দিগন্ত বৰাই কয় যে,পূজা সুচাৰুৰূপে অনুষ্ঠিত হ’লে সেয়া আপোনালোকৰ কৃতিত্ব হ’ব।

আপোনালোকৰ কৃতিত্ব

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি অব্যাহত ৰাখিছে পূজা সমিতিসমূহে । মণ্ডৱসমূহে আটক-ধুনীয়াকৈ সজাই তোলাৰ ওপৰত গুৰুত্ব দিছে পূজা সমিতিসমূহে।

মণ্ডৱসমূহ আটক-ধুনীয়াকৈ সজোৱা হৈছে

সমান্তৰালভাৱে মৃন্ময় শিল্পীসকলেও শাৰদীয় দূৰ্গা পূজা উপলক্ষে দেৱীৰ মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ আছে । একেদৰে শাৰদীয় দূৰ্গা পূজা উপলক্ষে বজাৰতো গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে ।

বজাৰত গ্ৰাহকৰ ভিৰ

পঢ়িবলৈ ক্লিক কৰক

শিৱসাগৰ জিলাৰ অন্যতম পৰ্যটনস্থলী