TV9 ASSAM
১৭ ফেব্ৰুৱাৰীত আছু আৰু ৰাজ্য চৰকাৰৰ মাজত অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হয়। এই আলোচনাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
এই বৈঠকত চৰকাৰে অসমীয়া ভাষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়তে অসমীয়া বিষয় বাধ্যতামূলক কৰা হ’ব।
ইয়াৰোপৰি এতিয়াৰ পৰা অসম চৰকাৰৰ সকলো জাননী, নিৰ্দেশনা আদি ইংৰাজীৰ লগতে অসমীয়াতো প্ৰকাশ পাব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, ১৪ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত । ইয়াৰ লগতে ৰাজ্য ভাষা সঞ্চালকালয়ক এটা স্বতন্ত্ৰ সঞ্চালকালয় হিচাপে গঢ়ি তোলা হ’ব।
বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি তেজপুৰ বিশ্ববিদ্যালয়ত পদ্মনাথ গোহাঞিবৰুৱাৰ আসন প্ৰতিষ্ঠাৰে অসমীয়া বিভাগ খোলা হ'ব।
লগতে শিলচৰ অসম বিশ্ববিদ্যালয়ত লক্ষ্মীনাথ বেজবৰুৱাৰ আসন প্ৰতিষ্ঠাৰে অসমীয়া বিভাগ খোলা হ’ব। অসমৰ নামঘৰ, সত্ৰ আদিৰ সুৰক্ষা নিশ্চিত কৰা হ’ব।
ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত আদৰণি জনাইছে অসম সাহিত্য সভাই। এই ক্ষেত্ৰত প্ৰেছ বিবৃতিযোগে সাহিত্য সভাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে।
পঢ়িবলৈ ক্লিক কৰক