ADRE ক লৈ গুৰুত্বপূৰ্ণ ঘোষণা

৬ অক্টোবৰ, ২০২৪

ৰাজ্যত চলি থকা ADRE ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত ছ'চিয়েল মিডিয়াত পোষ্ট কৰে তেওঁ।

নিৰ্দেশনা

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বাবে এই নিৰ্দেশনা জাৰি কৰে। ইয়াৰ সবিশেষ উল্লেখ কৰা হ'ল-

নিৰ্দেশনা

অ’ এম আৰ শ্বীট ডাউনলোড : প্ৰাৰ্থীসকলে ৮ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈকে তেওঁলোকৰ অ’ এম আৰ শ্বীট ডাউনলোড কৰিব পাৰিব।

OMR

এনছাৰ কীৰ উপলব্ধতা : চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ অফিচিয়েল এনছাৰ কী ৯ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা উপলব্ধ কৰা হ'ব।

এনছাৰ কী

এনছাৰ কীক প্রত্যাহ্বান- যদি প্ৰাৰ্থীসকলে তেওঁলোকৰ উত্তৰবহী পুনৰীক্ষণ কৰিব বিচাৰে, তেন্তে ৯ অক্টোবৰৰ পৰা ১৮ অক্টোবৰৰ ভিতৰত আবেদন জনাব পাৰিব।

আবেদন

উল্লেখ্য যে, ৰাজ্যত ১৫ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা। এইবাৰ পৰীক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে উত্তৰ বহিৰ বাবে আবেদন কৰাৰ ব্যৱস্থা কৰিছে।

ADRE

মন কৰিবলগীয়া যে, ৰাজ্যত ১২৬০০ টা পদৰ বাবে অনুষ্ঠিত হৈছে এই পৰীক্ষা। চলিত মাহত চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব। এইবাৰ পৰীক্ষাত প্ৰায় ৩২ লাখ পৰীক্ষাৰ্থীয়ে আবেদন কৰিছে। 

ADRE

পঢ়িবলৈ ক্লিক কৰক

প্ৰজনন ক্ষমতা কাৰ বেছি