কেতিয়াৰ পৰা পাব বকেয়াৰ ধন ?

27 Oct 2024

TV9 ASSAM

দীপাৱলীৰ উপলক্ষে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ । কৰ্মচাৰীৰ ডি এ বৃদ্ধি আৰু বকেয়া ধনৰাশি প্ৰদানৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ ।

ভাল খবৰ 

বিশেষকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৩ শতাংশ মৰগীয়া বানচ (ডি এ) বৃদ্ধিত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে ।

মৰগীয়া বানচ বৃদ্ধি

ডি এ বৃদ্ধিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়,৩ শতাংশ বৃদ্ধিৰ পাছত কৰ্মচাৰীৰ মুঠ ডি এ ৫৩ শতাংশ হ’ব, যিটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমতুল্য।

 মুঠ ডি এ ৫৩ শতাংশ

মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিছে যে, বৃদ্ধি পোৱা ডি এ চলিত বৰ্ষৰ জুলাই মাহৰ পৰা কাৰ্যকৰী হ'ব ।

কাৰ্যকৰী

লগতে তেওঁ কয় যে, বকেয়া ধনৰাশি অহা বছৰৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে মাহিলী দৰমহাৰ সৈতে চাৰিটা সমান কিস্তিত প্ৰদান কৰা হ’ব।

বকেয়া

ডিচেম্বৰৰ পৰা সংশোধিত ডি এৰে কৰ্মচাৰীসকলে দৰমহা ল’ব পাৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ।

সংশোধিত ডি এ

ইফালে, দীপাৱলীৰ উপলক্ষে ৰাজ্য়িক কৰ্মচাৰীসকলৰ অক্টোবৰ মাহৰ দৰমহা সোমবাৰৰ পৰা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে ।

অক্টোবৰ মাহৰ দৰমহা

পঢ়িবলৈ ক্লিক কৰক

গ্ৰীণ টিৰ উপকাৰিতা