শিৱসাগৰ জিলাৰ অন্যতম পৰ্যটনস্থলী

5 Oct 2024

TV9 ASSAM

কাৰেংঘৰ আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমৰ শিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত।

গড়গাঁৱৰ কাৰেংঘৰ

তলাতল ঘৰ শিৱসাগৰৰ মূল কেন্দ্ৰৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰৈৰ ৰংপুৰত অৱস্থিত। তলাতল ঘৰ আহোম ৰাজ্যৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ।

কাৰেং ঘৰ বা তলাতল ঘৰ

ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ, যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। শিৱসাগৰ চহৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ মান আঁতৰত এই গৃহটো অৱস্থিত।

ৰংঘৰ

নামদাঙৰ শিলৰ সাঁকো অসমৰ এখন বুৰঞ্জীপ্ৰসিদ্ধ দলং। এই দলংখন শিৱসাগৰ জিলাৰ দিখৌনৈৰ উপনৈ নামদাং নদীৰ ওপৰত অৱস্থিত।

নামদাঙৰ শিলৰ সাঁকো

বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ সোণাৰি নগৰৰ পৰা প্ৰায় ২০ কিঃমিঃ দূৰত অৱস্থিত। চৰাইদেও এসময়ৰ আহোম ৰাজপৰিয়াল আৰু উচ্চ পদস্থ ৰাজ-বিষয়াসকলৰ সমাধিস্থলী।

চৰাইদেউৰ মৈদাম বা চৰাইদেও

শৰাগুৰি চাপৰিত এই দৰগাহ অৱস্থিত। শিৱসাগৰৰ পৰা ২২ কিঃমিঃ দূৰত্বত।  আজানপীৰৰ দৰগাহ হৈছে জিকিৰ আৰু জাৰিৰ স্ৰষ্টা আজানপীৰৰ সমাধিস্থলী।

আজানপীৰৰ দৰগাহ

শিৱসাগৰ নগৰৰ ভিতৰত থকা অন্যান্য পুৰণি কীৰ্ত্তি চিহ্ন সমূহৰ ভিতৰত উল্লেখ্যযোগ্য হৈছে গোলাঘৰ । ইয়াতে ৰজাঘৰীয়া খাৰ-বাৰুদ, অস্ত্ৰ-শস্ত্ৰ, বন্দুক-বৰটোপ আদি মজুত কৰি ৰখা হৈছিল। 

গোলাঘৰ বা খাৰঘৰ

পঢ়িবলৈ ক্লিক কৰক

প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ১৮ তম কিস্তি