হিন্দু ধৰ্মত প্ৰতিটো দিন বিভিন্ন দেৱ-দেৱীৰ নামত সমৰ্পণ কৰা হয়। মঙলবাৰৰ দিনটো ভগৱান ৰামৰ পৰম ভক্ত হনুমানৰ নামত সমৰ্পিত।
প্ৰতি মঙলবাৰে ভগৱান হনুমানৰ পূজা কৰা হয়। মঙলবাৰে ভগৱান হনুমানৰ পূজা কৰিলে বহুতো সুফল পোৱা যায়। জীৱনৰ বিভিন্ন সমস্যা দুৰ হয়।
জ্যোতিষ শাস্ত্ৰত পূজাৰ উপৰিও আন বহুতো লাভদায়ক প্ৰতিকাৰৰৰ কথা কোৱা হৈছে। এই বস্তু অৰ্পণ কৰিলে ধন লাভ যুগৰ সৃষ্টি হয়।
জীৱনত ধন সম্পৰ্কীয় সমস্যা দূৰ কৰিবলৈ মঙলবাৰে উপবাসে থাকিব লাগে। লগতে এই দিনটোত হনুমানক বিশেষ বস্ত্ৰ আগবঢ়াব লাগে।
নেমু এটা লৈ চাৰি আলিৰ মাজত গৈ মূৰৰ ওপৰেৰে সাতবাৰ ঘূৰাই দিব। ইয়াৰ পিছত ইয়াক দুটা ভাগত কাটি লওক। ইয়াৰ এটা অংশ পিছলৈ আৰু আনটো অংশ আগলৈ দলিয়াই দিয়ক। এনে কৰিলে হনুমানৰ কৃপাত ধন সম্পৰ্কীয় সমস্যা সমাধান হব।
আৰ্থিক অভাৱ দূৰ কৰিবলৈ মঙলবাৰে হনুমানৰ মন্দিৰলৈ গৈ পূজা কৰক। লগতে মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাব।
আপোনাৰ যদি বহু ধাৰ আছে মঙলবাৰৰ দিনটোত উপবাসে থকাৰ লগতে ১০৮ বাৰ "ওম হনুমতে নমঃ" মন্ত্ৰ জপ কৰিব। এনে কৰিলে ধাৰৰ বোজাৰ পৰা মুক্তি লাভ হয়।
চাবলৈ ক্লিক কৰক