TV9 ASSAM
ৰাজকুমাৰী ডায়েনাৰ মৃত্যুৰ পৰা আৰম্ভ কৰি ৯/১১ৰ আক্ৰমণৰলৈকে বাবা ভাংগাই অতীতত বহু ভৱিষ্যবাণী কৰিছিল যিবোৰ সঁচা হৈছে। আগন্তুক বছৰৰ বিষয়ে তেওঁ কি ভৱিষ্যবাণী কৰিছে জানেনে ?
বাবা ভাংগাই ২০২৪ চনৰ দৰে ২০২৫ বৰ্ষৰ বিষয়েও কিছু ভৱিষ্যবাণী কৰা কৰিছে । কিন্তু এই ভৱিষ্যবাণী অধিক ভয়ংকৰ।
জনা যায় যে, বাবা ভাঙাই ২০২৫ চনটোক জলপ্লাৱনৰ আৰম্ভণি বুলি উল্লেখ কৰিছে। তেওঁৰ ভৱিষ্যবাণী অনুসৰি ২০২৫ চনৰ পৰা আৰম্ভ হ’ব মানৱতাৰ অৱনতি।
এটা জলপ্লাৱন দেখা যাব। ইউৰোপত ভয়ংকৰ সংঘাতৰ সৃষ্টি হ’ব, যাৰ ফলত সমগ্ৰ মহাদেশখনৰ জনসংখ্যাৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব। সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰভাৱ পৰিব।
বাবা ভাংগাৰ ভৱিষ্যবাণী অনুসৰি, ২০২৮ চনত মানুহ শুক্ৰ গ্ৰহলৈ যাব। ২০৩৩ চনৰ ভিতৰত জলবায়ুৰ ভয়াৱহ পৰিৱৰ্তন হ’ব। উত্তৰ মেৰুৰ বৰফৰ টুপি গলি যাব, যাৰ ফলত জলপ্লাৱন দেখা যাব ।
২০৭৬ চনত সমগ্ৰ বিশ্বতে সাম্যবাদ বিয়পি পৰিব। ২১৩০ চনত মানুহ এলিয়েনৰ সংস্পৰ্শলৈ আহিব। ২১৭০ চনত সমগ্ৰ বিশ্বতে ভয়ংকৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হ’ব।
কিন্তু বাবা ভাংগাৰ মতে, ৩০০৫ চনত পৃথিৱী আৰু মংগল গ্ৰহৰ মাজত যুদ্ধ হ’ব। ৩৭৯৭ চনৰ ভিতৰত পৃথিৱী আৰু বাস কৰা যোগ্য নহ’ব। ৫০৭৯ চনত সমগ্ৰ বিশ্ব ধ্বংস হ’ব।
পঢ়িবলৈ ক্লিক কৰক