কেৱল ডালটোৱেই নহয়, পাতবোৰো অতি উপযোগী। বহুতে কিনি খায়। চজিনাৰ পাতে শৰীৰৰ যিকোনো ৰোগ নিয়ন্ত্ৰণ কৰি শৰীৰক সবল কৰি ৰাখে।
চজিনা পাতত বহু পৰিমাণে এন্টিঅক্সিডেন্ট থাকে । ই মগজুৰ স্নায়ুৰ অৱক্ষয় ৰোধ কৰি স্মৃতিশক্তি সতেজ কৰি ৰাখিবলৈ সক্ষম হয়।
কেলচিয়াম, পটাছিয়াম, আইৰণ, জিংক, প্ৰয়োজনীয় ভিটামিন আৰু প্ৰটিন আদি খনিজ পদাৰ্থ চজিনা পাতত থাকে। গতিকে শৰীৰৰ বহু উপাদানৰ অভাৱ এটা পাতৰ দ্বাৰা পূৰণ কৰিব পাৰে।
ইয়াৰ পাতত বিটা-কেৰটিন, ক্ল’ৰ’জেনিক এচিড আৰু কুৱেৰচেটিন আদি পদাৰ্থ থাকে। এই সকলোবোৰ উপাদানে ফ্ৰী ৰেডিকেল, অক্সিডেটিভ ষ্ট্ৰেছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
চজিনাৰ পাত, ঠাৰি আৰু ফুলত আইছ’থাইঅ’চাইনেট নামৰ এবিধ পদাৰ্থ থাকে। যিয়ে প্ৰদাহজনিত সমস্যা দূৰ কৰাত সহায় কৰে।
চজিনা পাতে উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰে। কাৰণ, এই পাতবোৰত পটাছিয়াম পৰ্যাপ্ত পৰিমাণে থাকে।
ইয়াৰ পাতে চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গতিকে ডায়েবেটিছ ৰোগীৰ বাবে এই পাত নিঃসন্দেহে উপকাৰী।
পঢ়িবলৈ ক্লিক কৰক