TV9 ASSAM
শীতকালৰ ফল কমলা এইসময়ত বজাৰত উভৈনদী হৈ পৰে। কমলা আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী।
কমলাত ভিটামিন চি, এ, বি ১, বি ৯, পটাছিয়াম, মেগনেছিয়াম, কেলচিয়াম, ফাইবাৰ, এন্টিঅক্সিডেন্ট আদি উপাদান থাকে।
শীতকালত কমলা খালে শৰীৰ্ৰ ক্ষেত্ৰত বহু উপকাৰ পোৱা যায়। কমলাৰ এনে উপকাৰৰ বিষয়ে জানো আহক।
কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। এই ভিটামিনে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি দেহক যিকোনো ৰোগ বা সংক্ৰমণৰ পৰা ৰক্ষা কৰে।
শীতকালত ছাল শুকান হৈ পৰে। কমলাত থকা এন্টিঅক্সিডেন্ট আৰু ভিটামিন চিয়ে ছালখন আৰ্দ্ৰ কৰি স্বাস্থ্যকৰ কৰি তোলে।
কমলাত যথেষ্ট পৰিমাণে কেলচিয়াম আৰু ফছফৰাছ থাকে। সেয়ে কমলা খালে আমাৰ দেহৰ হাড় মজবুত হয়।
কমলাই পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। কমলাত যথেষ্ঠ পৰিমাণৰ ফাইবাৰ থাকে আৰু ইয়াৰ ফলত কোষ্ঠকাঠিন্য, গেছৰ সমস্যাৰ পৰা সকাহ পাব।
পঢ়িবলৈ ক্লিক কৰক
মূলা আৰু গাজৰ একেলগে খালে কি হয় জানেনে?