ৰাতিপুৱা কিয় সোনকালে উঠিব লাগে ?

28 SEP 2024

TV9 ASSAM

যদি আপুনি ৰাতিপুৱা সোনকালে সাৰ পাব পাৰে, তেন্তে আপোনাৰ চৌপাশে এটা শান্ত পৰিৱেশ থাকে । ফলত পঢ়া-শুনাই হওক বা ব্যায়াম কৰাই হওক, মানসিক সংযোগ ভাল হয় ।

শান্ত পৰিৱেশ

পুৱা ভাগত কৰা যিকোনো কামত মনটো বিচলিত নহয়। কামৰ সৈতে মানসিক সংযোগ ভাল হয় । পঢ়িবলৈ বহিলে একাগ্ৰতা বাঢ়িব। এই সময়ত কঠিন আৰু জটিল বিষয়বোৰৰ সমাধান পাব পাৰি ।

মনটো বিচলিত নহয়

ৰাতিপুৱা সোনকালে উঠিলে মগজুৰ কাৰ্যক্ষমতা উন্নত হয়। একাধিক গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে, মগজু ৰাতিপুৱা আটাইতকৈ বেছি সক্ৰিয় হৈ থাকে। সৃষ্টিশীল চিন্তাও কৰিব পাৰি । 

কাৰ্যক্ষমতা উন্নত হয়

ৰাতিপুৱাৰ সতেজ বতাহে মন আৰু আৱেগক সতেজ কৰি তোলে। ৰাতিপুৱা সোনকালে উঠি খোজ কাঢ়িলে বা ব্যায়াম কৰিলে শাৰীৰিক আৰু মানসিক অৱসাদ দূৰ হয়।

মানসিক অৱসাদ দূৰ হয়

ৰাতিপুৱা সোনকালে উঠিলে যথেষ্ট সময় পোৱা যায়। পঢ়া-শুনা, ব্যায়াম, ধ্যান-ধাৰণা কৰাৰ উপৰিও যদি আপোনাৰ আন কিছুমান কামৰ বাবে সময় থাকে।

কামৰ বাবে সময় থাকে

ৰাতিপুৱা সোনকালে উঠিলে ভাল চিন্তা কৰিব পাৰি । এই সময়ত মগজুলৈ ইতিবাচক চিন্তা আহে আৰু সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে।

ইতিবাচক চিন্তা আহে

পৰিকল্পনা অনুসৰি সময়খিনি ভাগ কৰিব বিচাৰিলে সোনকালে উঠিব লাগিব। সঠিক পৰিকল্পনা থাকিলে সময় অপচয় নহয় ।

সময় অপচয় নহয়

পঢ়িবলৈ ক্লিক কৰক

পিয়াঁজৰ বাকলিৰ উপকাৰিতা গুণ