TV9 ASSAM
বহু পৰ্যটকে অক্টোবৰ আৰু নৱেম্বৰ মাহত ভ্ৰমণ কৰি ভাল পায় । এই সময় ছোৱাত অতি গৰমো নহয়, ঠাণ্ডাও নাথাকে ।
প্ৰচণ্ড গৰমৰ দিনবোৰ ভ্ৰমণৰ বাবে বিশেষ উপযোগী নহয় । ইয়াৰ বিপৰীতে একেবাৰে ঠাণ্ডা সময়ছোৱাতো ভ্ৰমণ কৰাত অসুবিধা সৃষ্টি হয় ।
ভ্ৰমণৰ বাবে বছৰটোৰ একেবাৰে উপযুক্ত সময় হৈছে অক্টোবৰ আৰু নৱেম্বৰ মাহ । যদি আপুনি ভ্ৰমণৰ কথা ভাবিছে, তেন্তে এই দুমাহত পৰিকল্পনা কৰক ।
এই সময়চোৱাত আপুনি দেশৰ বহু ঠাই ভ্ৰমণ কৰিব পাৰে । বিশেষভাৱে এই সময়ছোৱাত ডালহাউজি, ক’ৰ্গ, উটি ভ্ৰমণৰ বাবে পৰিকল্পনা কৰিব পাৰে ।
হিমাচল প্ৰদেশৰ চাম্বা জিলাত অৱস্থিত ডালহাউজি এই ঋতুত ভ্ৰমণৰ বাবে এক উপযোগী স্থান। এই ঠাই ভ্ৰমণ কৰিলে আপুনি নতুন অভিজ্ঞতা লাভ কৰিব ।
কৰ্ণাটকৰ ক’ৰ্গ ভ্ৰমণৰ বাবে এক উত্তম স্থান। এইটো এটা পাহাৰীয়া অঞ্চল। যদি আপুনি দক্ষিণলৈ যাব বিচাৰে তেন্তে এই ধুনীয়া ঠাইখন ভ্ৰমণ কৰিব পাৰে ।
দক্ষিণ ভাৰতৰ নীলগিৰি পৰ্বতৰ ৰাণী বুলি কোৱা উটি অতি ধুনীয়া পাহাৰীয়া ষ্টেচন। এই ঠাইলৈ গ’লে খোজ কাঢ়ি প্ৰকৃতিৰ সৈতে ভ্ৰমণৰ আমেজ ল'ব পাৰিব ।
পঢ়িবলৈ ক্লিক কৰক