উত্তৰ-পূব ভাৰতৰ বিখ্যাত পাহাৰীয়া পৰ্যটন গাঁও

8 July 2024

TV9 ASSAM

পূব ছিকিমৰ নিম্ন হিমালয়ৰ ঠেক ভূখণ্ডত প্ৰায় ১০ হাজাৰ ফুট উচ্চতাত অৱস্থিত জুলুক এখন সৰু গাঁও। জুলুকৰ ভিউ পইণ্টৰ পৰা কানচেনজুংগা মনোমোহা দৃশ্য দেখা যায়। 

জুলুক, পূব ছিকিম

শান্তিৰ আন এক নাম নামফাকে । ডিব্ৰুগড় জিলাৰ এই গাঁওখনত টাই-ফাকে সকলে বসতি কৰে । নামফাকে গাঁৱৰ কাষেৰে বৈ গৈছে বুঢ়ীদিহিং নদী ।

নামফাকে

নগা পাহাৰৰ  অৱস্থিত মোলুং এখন জনগোষ্ঠীয় গাঁও । এই সেউজীয়া গাঁওখনত লিচু গছ পোৱা যায় । এই গছবোৰ ১৮৭৮ চনত ড° ই ডব্লিউ ক্লাৰ্কে ৰোপণ কৰা বুলি ধাৰণা কৰা হয় ।

মোলুং,নাগালেণ্ড

আইজলৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ পশ্চিমে ৰেইক গাঁও অৱস্থিত। পাহাৰটোৰ পৰা মনোমোহ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি পাৰে । এই গাঁওখনলৈ যোৱা পথটোৱে সকলোকে আকৰ্ষণ কৰে ।

ৰেইক গাঁও, মিজোৰাম

মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত এই ক্ষুদ্ৰ গাঁওখন অৱস্থিত । ৰাজ্যখনৰ চহকী ইতিহাস আৰু জনজাতীয় পৰম্পৰাক ধৰি ৰাখিছে গাঁওখনে ।

আন্দ্ৰো, মণিপুৰ

ৱালঙৰ পৰা মাত্ৰ ৭ কিলোমিটাৰ দূৰত্বত ডং নামৰ এই সৰু গাঁওখন লোহিত নদীৰ বাওঁপাৰত অৱস্থিত। এই গাঁওখনতে ভাৰতৰ প্ৰথম সূৰ্য্যৰ পোহৰ পৰে বুলি কোৱা হয় ।

ডং, অৰুণাচল প্ৰদেশ

কংথং নামৰ এখন সৰু গাঁওখন মেঘালয়ৰ খাট-আৰ শ্বনং অঞ্চলত অৱস্থিত । কংথং গাঁৱত এগৰাকী মাতৃয়ে সন্তানক নামৰ সলনি সুৰেৰে মাতে। 

কংথং, মেঘালয়

পঢ়িবলৈ ক্লিক কৰক

যকৃতৰ সমস্যাৰ বিষয়ে কেনেকৈ জানিব?