ওজন নিয়ন্ত্ৰণত উপকাৰী ৫ বিধ শাক

23 Oct 2024

TV9 ASSAM

সঠিক খাদ্যাভ্যাসৰ অবিহনে ওজন নিয়ন্ত্ৰণ কৰাটো কঠিন। ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ সদায় কঠিন খাদ্য গ্ৰহণ কৰাৰ প্ৰয়োজন নাই।

সঠিক খাদ্যাভ্যাস

শাক-পাচলি, শস্য, ফলমূল আদি খালে ওজন নিয়ন্ত্ৰণত থাকে। অৱশ্যে ৫ বিধ শাক আছে, যিবোৰ প্ৰতিদিনে খালে ওজন নিয়ন্ত্ৰণ কৰাটো সহজ হৈ পৰিব।

৫ বিধ শাক

লাওয়ে ওজন কমাবলৈ সহায় কৰে। লাওত পানী আৰু আঁহ থাকে । লাওৰে ৰন্ধা আঞ্জা খোৱাৰ ফলত পেট ভৰি থাকে আৰু ওজন বৃদ্ধিৰ ভয় নাথাকে।

লাও

কেলৰি কম আৰু আঁহযুক্ত খাদ্যৰ তালিকাত ফুলকবি ৰাখিব পাৰে। আজিকালি ফুলকবি গোটেই বছৰটো পোৱা যায়। ই শৰীৰৰ হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে ওজন হ্ৰাস কৰে ।

 ফুলকবি

দৈনিক খাদ্যত গাজৰ খালে ওজন কমাবলৈ সহজ হ’ব। ভিটামিন সমৃদ্ধ গাজৰত আঁহ থাকে। গতিকে গাজৰ খালে ওজন কমাব পাৰি।

গাজৰ

বহুতে তিতা কেৰেলা সোৱাদৰ বাবে পছন্দ নকৰে। এই শাকবিধে তেজত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ওজন নিয়ন্ত্ৰণ কৰাত ই অতি উপকাৰী ।

তিতা কেৰেলা 

দৈনন্দিন খাদ্যত তিয়ঁহ অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিব। তিয়ঁহত পানী আৰু আঁহৰ পৰিমাণ বেছি। তিয়ঁহে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।

তিয়ঁহ

পঢ়িবলৈ ক্লিক কৰক

কঁঠালৰ তৰকাৰিত কি কি ভিটামিন থাকে ?