TV9 ASSAM
বিভিন্ন শাক-পাচলিৰ ভিতৰত তিতা কেৰেলা স্বাস্থ্যৰ বাবে অতি উপকাৰী। খাবলৈ তিতা হ’লেও ই বিভিন্ন ৰোগ আৰু সংক্ৰমণ আঁতৰাই ৰাখে।
তিতা কেৰেলা বিভিন্ন প্ৰকাৰে ৰান্ধি খাব পাৰি । শুকান কৈ ভাজিও তিতা কেৰেলা খাব পাৰি । বুট আৰু তিতা কেৰেলা ভাজি সকলোৰে প্ৰিয় ।
তিতা কেৰেলা নিশ্চিতভাৱে স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু সকলোৰে বাবে নহয়। তিতা খোৱাৰ ফলত বহু লোকৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।
যকৃতৰ লগত জড়িত সমস্যা থাকে, তেন্তে কেৰেলা খাব নালাগে। তিতা খোৱাৰ ফলত যকৃতৰ সমস্যা বেছি হয় আৰু বদহজম হ’ব পাৰে ।
গৰ্ভৱতী মহিলাই তিতা খোৱাৰ পৰা বিৰত থাকিব লাগে। তিতা গছৰ গুটিত থকা মেম’ৰচাৰিন যৌগটোৱে গৰ্ভস্থ শিশুৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে ।
কেতিয়াবা বেছিকৈ তিতা খোৱাৰ ফলত শিশুৰ বমি বা ডায়েৰিয়া হ’ব পাৰে। গতিকে শিশুক বেছিকৈ তিতা খুৱাব নালাগে
ডায়েবেটিছ ৰোগীৰ বাবে ঔষধ যদিও ইয়াক অতিৰিক্তভাৱে খোৱা উচিত নহয়। ডায়েবেটিছ ৰোগীয়ে অতিৰিক্ত তিতা খালে হেম’লাইটিক এনিমিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ।
পঢ়িবলৈ ক্লিক কৰক