TV9 ASSAM
শীতকালত ৰঙা চাহ খালে বহু উপকাৰ লাভ কৰা যায়। ইয়াৰ ফলত আপোনাৰ পেট ঠিকে থাকে আৰু ছালৰ লগতে বিভিন্ন সমস্যা সমাধান হয়।
ৰঙা চাহত এন্টিঅক্সিডেন্টছ থাকে। যিয়ে শৰীৰৰ পৰা দূষিত বস্তু পৰিস্কাৰ কৰাত সহায় কৰে। ৰঙা চাহ খালে পাচন তন্ত্ৰও ভালে থাকে।
ৰঙা চাহ খালে কৰ্কট ৰোগ হোৱাৰ আশংকা কম থাকে। ই ছাল, স্তন আৰু প্ৰোষ্টেচ কৰ্কট ৰোগ হোৱাৰ আংশকা কম কৰে। ইয়াৰোপৰি আন বহু উপকাৰী গুণ আছে।
আপুনি যদি ধুনীয়া, মজবুত চুলি বিচাৰে তেন্তে ৰঙা চাহ খাব পাৰে। ৰঙা চাহ খালে চুলি সৰা সমস্যা দূৰ হোৱাৰ লগতে নতুন চুলি অহাত সহায় কৰে। গতিকে ভাল চুলিৰ বাবে ৰঙা চাহ খাব পাৰে।
ৰঙা চাহত এন্টিঅক্সিডেন্টছৰ লগতে অন্য বহু পুষ্টিকৰ উপাদান থাকে। যি শৰীৰৰ বিষাক্ত পদাৰ্থ দূৰ কৰে। যাৰ ফলত ছাল সুন্দৰ হৈ পৰে।
ৰঙা চাহ খালে ৰক্তচাপ, কলেষ্ট্ৰল, মেদবহুলতা আদি সমস্যাৰ পৰা কিছু পৰিমাণে পৰিত্ৰাণ পোৱা যায়। গতিকে ৰঙা চাহ শৰীৰৰ বাবে ভাল।
ৰঙা চাহ খোৱাৰ ফলত মধুমেহৰ সমস্যা দূৰ হোৱাত সহায় কৰে। ইয়াৰোপি ৰঙা চাহ খালে গেষ্ট্ৰিকৰ দৰে সমস্যা নহয়।গতিকে ৰঙা চাহ বহু উপকাৰী।
পঢ়িবলৈ ক্লিক কৰক