শৰীৰত তেজৰ পৰিমাণ কম হোৱাৰ লক্ষণসমূহ জানক,,,

28  April 2025

TV9 ASSAM

 শৰীৰত তেজৰ পৰিমাণ কম হ'লে ইয়াক এনীমিয়া বুলি কোৱা হয়। ই এক গুৰুতৰ ৰোগ। যাৰ ফলত শৰীৰে প্ৰয়োজনীয় অক্সিজেন লাভ নকৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ লোৱা অত্যন্ত আৱশ্যক।

তেজৰ পৰিমাণ কম

শৰীৰত তেজৰ পৰিমাণ কম হোৱাৰ ফলত বিভিন্ন ধৰণৰ লক্ষণে দেখা দিয়ে। গতিকে এনে লক্ষণসমূহ কেতিয়াও সহজে ল'ব নালাগে। লক্ষণ দেখা দিয়াৰ লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগে।

লক্ষণ কি

শৰীৰত তেজৰ অভাৱৰ ফলত এনাৰ্জী কমি যাব পাৰে। যাৰ বাবে আপুনি অলপ কাম কৰাৰ পাছতে ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে অলপ কামতেই অত্যাধিক ভাগৰ লাগিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

ভাগৰুৱা

এনীমিয়াত আক্ৰান্ত লোকসকলৰ ছালৰ ৰং সলনি হয়। এনে ৰোগীৰ ছাল হালধীয়া হৈ পৰাৰ লগতে উজ্বলতা হ্ৰাস পায়। ওঠ আৰু চকুৰ ওচৰৰ ৰং সলনি হোৱা দেখা যায়।

ছাল

শৰীৰত অক্সিজেনৰ অভাৱৰ বাবে হৃদযন্ত্ৰই কষ্ট পাব পাৰে। ইয়াৰ বাবে বুকুত বিষ,  হৃদস্পন্দন বৃদ্ধি, উশাহ-লোৱাত কষ্ট আদি সমস্যাই দেখা দিব পাৰে। এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ লোৱা আৱশ্যক।

বুকুত বিষ

মূৰটোৱে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন লাভ নকৰাৰ ফলত মূৰৰ বিষ হৈ থাকিব পাৰে। ইয়াৰোপৰি কেতিয়াবা বহু সময় থিয় হৈ থাকিলে মূৰ ঘূৰাব পাৰে। তেজ কম হ'লে মূৰ ঘূৰোৱা সাধাৰণ লক্ষণ।

মূৰ বিষ

তেজৰ চলাচল দুৰ্বল হোৱাৰ বাবে হাত আৰু ভৰিত সদায় ঠাণ্ডা অনুভৱ হৈ থাকে। প্ৰায়ভাগ সময় অস্বস্তি লাগিব পাৰে। গতিকে এনে লক্ষণসমূহে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱা আৱশ্যক।

হাত-ভৰি

পঢ়িবলৈ ক্লিক কৰক 

স্তন কৰ্কট ৰোগৰ লক্ষণ