কোন আছিল ছলমান খানৰ প্ৰথম প্ৰেমিকা?

২২ অক্টোবৰ, ২০২৪

TV9 ASSAM

বিগত কেইটামান দিন ধৰি লৰেন্স বিষ্ণোই গেঙে অভিনেতা ছলমান খানক ভাবুকি দি আহিছে। এই সময়চোৱাত ছোমি আলীয়ে ছলমান খানৰ পক্ষ লৈ তেওঁৰ হৈ মন্তব্য কৰিছে।

ছলমানক ভাবুকি

ছলমান খান আৰু ছোমি আলীৰ প্ৰেম কাহিনী ৯০ৰ দশকতে আৰম্ভ হৈ ৯০ দশকতে শেষ হৈছিল। ছোমী ছলমান খানৰ দ্বিতীয়গৰাকী প্ৰেমিকা বুলি জনা যায়। দুয়োৰে সম্পৰ্ক প্ৰায় ৮ বছৰ আছিল।

৮ বছৰ সম্পৰ্ক

ইয়াৰোপৰি এতিয়াও সংগীতা বিজলানীক ছলমান খানৰ প্ৰথম প্ৰেমিকা বুলি কোৱা হয়। অৱশ্যে ছলমান খানৰ ভাতৃ অৰবাজ খানে এই সন্দৰ্ভত এক অন্য মন্তব্যহে কৰিছিল।

সংগীতা

অৰবাজ খানে এক সাক্ষাৎকাৰত কৈছিল যে ছলমান খানৰ প্ৰথম প্ৰেমিকা ছাহিন জাফৰী। ছলমান খানৰ বায়গ্ৰাফী বিয়িং ছলমানত ইয়াৰ বিষয়ে উল্লেখ আছে।

প্ৰথম প্ৰেমিকা

কোৱা হয়, ১৯ বছৰ বয়সত ছলমান খানৰ প্ৰথম প্ৰেম হৈছিল। অভিনেত্ৰী ছাহিন জাফৰীৰ সৈতে তেওঁৰ প্ৰেম হৈছিল। ছাহিন অভিনেতা অশোক কুমাৰৰ নাতিনী।

১৯ বছৰ বয়স

ইয়াৰোপৰি বলিউড অভিনেত্ৰী কিয়াৰা আডবানীৰ সৈতেও সম্পৰ্ক আছে।জানিব পৰা মতে কিয়াৰা ছাহিনৰ মামীয়েকৰ সতীয়া ভগ্নী।

কিয়াৰাৰ সৈতে সম্পৰ্ক

ছাহিনে এতিয়া এক সাধাৰণ জীৱন যাপন কৰি আছে। তেওঁৰ বিয়া হৈছে। আনহাতে ছলমান খান এতিয়াও এজন জনপ্ৰিয় অভিনেতা আৰু তেওঁৰ পৰৱৰ্তী ছবি ২০২৫ চনত মুক্তি লাভ কৰিব।

ছাহিন

পঢ়িবলৈ ক্লিক কৰক 

পানীৰে চলিত ট্ৰেইন