ফুলকবি বনাম ব্ৰকলি

27 Oct 2024

TV9 ASSAM

শেহতীয়াকৈ স্বাস্থ্য সচেতন লোকৰ মাজত ব্ৰকলি শাক খোৱাৰ ধাৰা বাঢ়িছে। কিন্তু ব্ৰকলি শাক ভাল নে পৰম্পৰাগত ফুলকবি খোৱাটো স্বাস্থ্যৰ বাবে ভাল ।

ব্ৰকলি শাক খোৱাৰ ধাৰা

ব্ৰকলিত ভিটামিন চি, ভিটামিন কে, আঁহযুক্ত প্ৰচুৰ পৰিমাণে থাকে। ব্ৰকলিয়ে পাচনতন্ত্ৰৰ ৰোগ ৰোধ কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে অতি উপযোগী। 

ৰোগ প্ৰতিৰোধ ক্ষমতা

ব্ৰকলিত কেলচিয়াম থাকে, যিটো নিয়মিতভাৱে সেৱন কৰিলে হাড়ৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰাত ফলপ্ৰসূ। ব্ৰকলি খালে অক্সিডেটিভ হৰম’নৰ নিঃসৰণ বৃদ্ধি পায়। 

কেলচিয়াম

ফুলকবিৰ স্বাস্থ্য উপকাৰীতা সৰ্বাধিক । ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ফুলকবি ভিটামিন কেৰ ভাল উৎস। গতিকে এই পাচলি খালে হাড়ৰ স্বাস্থ্য উন্নত হয়।

ফুলকবিৰ উপকাৰীতা

ফুলকবিত কলিন থাকে। এই কলিন সঠিক পৰিমাণে শৰীৰত থাকিলে ভাল টোপনিৰ বাবে অতি উপযোগী। ফুলকবিয়ে স্মৃতিশক্তি আৰু পেশীলৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰাত সহায় কৰে।

ৰক্ত সঞ্চালন 

বিশেষজ্ঞসকলৰ মতে ব্ৰকলি আৰু ফুলকবি খোৱাটো শৰীৰৰ বাবে অতি উপযোগী। শৰীৰৰ পুষ্টিৰ প্ৰয়োজনতাৰ ওপৰত ভিত্তি কৰি আপুনি কোনবিধ শাক খাব বাছি ল'ব পাৰে।

কোনবিধ উপযোগী

শৰীৰত ভিটামিন বা ফাইবাৰৰ অভাৱ হোৱা ব্যক্তিৰ বাবে ব্ৰকলি উপকাৰী। যদি আপুনি ওজন কমাবলৈ কম কেলৰিযুক্ত শাক বিচাৰিছে তেন্তে ফুলকবি আপোনাৰ বাবে ভাল।

বাছনি কৰক

পঢ়িবলৈ ক্লিক কৰক

গ্ৰীণ টিৰ উপকাৰিতা