শৰীৰত টাটু থাকিলে ৰক্তদান কৰিব পাৰি নে ?

20 Oct 2024

TV9 ASSAM

টাটুৰ প্ৰতি বৰ্তমান সময়ৰ প্ৰজন্ম বিশেষভাৱে আকৰ্ষিত হোৱা দেখা যায় । আজিৰ দিনত পুৰুষ-মহিলা উভয়ে শৰীৰত টাটু কৰি ভাল পায় ।

টাটুৰ প্ৰতি আকৰ্ষণ

শৰীৰত টাটু থাকিলে কেতিয়াবা ৰক্তদানৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। বহু ঠাইত ইচ্ছা কৰিলেও তেজ ল’ব নিবিচাৰে।

সমস্যাৰ সন্মুখীন 

চিকিৎসকৰ মতে শৰীৰত টাটু থাকিলেও ৰক্তদানত কোনো বাধা নাথাকে। টাটুৰ থকাৰ পাছতো সহজে ৰক্তদান কৰিব পাৰে। ইয়াৰ দ্বাৰা ৰোগীৰ কোনো ক্ষতি হোৱাৰ সম্ভাৱনা নাই।

ৰক্তদান কৰিব পাৰে

চিকিৎসকৰ মতে সদায় নতুন বেজী ব্যৱহাৰ কৰি টাটু কৰিব লাগে। টাটু কৰাজনে এই বিষয়ে সচেতন হোৱা উচিত। কেতিয়াবা বহুতে সৰু সৰু ঠাইত একেটা বেজীৰে টাটু কৰে। 

সচেতন হোৱা উচিত

একেটা বেজীৰে টাটু কৰিলে তেজৰ যোগেদি তিনিটা মাৰাত্মক ৰোগ শৰীৰত প্ৰৱেশ কৰিব পাৰে। যিটো পিছলৈ ৰোগীৰ শৰীৰলৈ বিয়পিব পাৰে।

মাৰাত্মক ৰোগ

ছমাহৰ ভিতৰত যদি কোনো ব্যক্তি এইচ আই ভি, হেপাটাইটিছ বি বা হেপাটাইটিছ চি ভাইৰাছত সংক্ৰমিত হয় আৰু সেই সময়ছোৱাত তেজৰ পৰীক্ষা কৰা হয়, তেন্তে ৰিপৰ্টটো নিগেটিভ আহিব পাৰে।

কিয় সাৱধান হ’ব লাগে ?

গতিকে এজন ব্যক্তিয়ে টাটু কৰাৰ ছমাহৰ ভিতৰত ৰক্তদান কৰিব নালাগে। অন্যথা আন এজন সুস্থ ব্যক্তিও তেওঁৰ তেজৰ দ্বাৰা মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে। 

ছমাহৰ ভিতৰত ৰক্তদান

পঢ়িবলৈ ক্লিক কৰক

আৰ্থিক সমস্যা দূৰ কৰিবলৈ ঘৰৰ কোন দিশত ৰাখিব ধন