ঘৰৰ মূল দুৱাৰত আইনা লগাব লাগে নে নাই ? 

18 Nov 2024

TV9 ASSAM

বাস্তু শাস্ত্ৰত ঘৰৰ বিভিন্ন নিয়ম উল্লেখ আছে। মানুহে ঘৰৰ পৰা নকৰাত্মক শক্তি দূৰ কৰাৰ বাবে মূল দুৱাৰত নিমখৰ টোপোলা, শুভ চিহ্ন আদি ৰাখে।

ঘৰৰ নিয়ম

কিছুমানে ঘৰৰ মূল দুৱাৰত আইনা ৰাখে। বাস্তু শাস্ত্ৰ মতে ঘৰৰ মূল দুৱাৰত আইনা লগাব লাগে নে নাই আহক জানো। বাস্তু শাস্ত্ৰত ইয়াৰ বিষয়ে উল্লেখ আছে।

আইনা

বাস্তু শাস্ত্ৰ অনুসৰি  আইনা এনে এক বস্তু য'ত বিভিন্ন প্ৰকাৰৰ বস্তু বা শক্তি খুন্দা খাই উভতি যায়।

ঘৰৰ মূল দুৱাৰ

যদি ঘৰৰ আগত আইনা লগাই তেন্তে নকৰাত্মক শক্তি উভতি যায়। ইয়াৰ লগতে সকৰাত্মক শক্তিও ঘূৰি যায়। গতিকে ভাল শক্তিয়েও ঘৰত প্ৰৱেশ কৰিব নোৱাৰে।

কিয় লগাব নালাগে

গতিকে বাস্তু শাস্ত্ৰ অনুসৰি ঘৰৰ মূল দুৱাৰত আইনা লগাব নালাগে। ই অতি অশুভ। ঘৰৰ মূল দুৱাৰত আইনা লগালে মানুহৰ উন্নতি নহয়।

মূল দুৱাৰ

ইয়াৰোপৰি ঘৰৰ মূল দুৱাৰত আইনা লগালে ঘৰৰ আৰ্থিক স্থিতি বেয়া হয়। বিভিন্ন সময়ত আৰ্থিক সমস্যাই দেখা দিয়েৰ লগতে দৰিদ্ৰতাই লগ দিয়ে।

আৰ্থিক স্থিতি

এনে পৰিপ্ৰেক্ষিত ঘৰৰ মূল দুৱাৰত আইনা লগাব নালাগে। ইয়াৰোপৰি আইনা থকা দুৱাৰো ঘৰত লগাব নালাগে বুলি কোৱা হয়।

নলগাব

পঢ়িবলৈ ক্লিক কৰক

চাকি নুমাই  দিলে কি হয়