শৰীৰত কেনেকৈ হয় কৰ্কট ৰোগৰ আৰম্ভণি

২১ অক্টোবৰ, ২০২৪

TV9 ASSAM

কৰ্কট ৰোগৰ গ্ৰাসত বিভিন্নজন। পৃথিৱীৰ লগতে দেশতো বৃদ্ধি হৈছে কৰ্কট ৰোগীৰ সংখ্যা। ভাৰতবৰ্ষত ২০২৩ চনত ১৪ লাখতকৈ অধিকলোক কৰ্কট ৰোগত আক্ৰান্ত হৈছিল।

কৰ্কট

কৰ্কট ৰোগ আৰম্ভ হোৱাৰ সময়ত বহুলোকে গ'মেই নাপায়। বহুলোকে এই ৰোগৰ তৃতীয়মান পৰ্যায়তহে জানিব পাৰে। আহক জানো এই ৰোগৰ আৰম্ভণি কেনেকৈ হয়।

আৰম্ভ

কৰ্কট চাৰ্জন ডাঃ বিনীত তলবাৰে তয় যে কৰ্কটৰ আৰম্ভণিত শৰীৰত জিন ম্যুটেশ্যন হয়। যাৰফলত ডি এন এৰ পৰিবৰ্তন হয়। কৰ্কটৰ আৰম্ভণি পৰ্যায়ত এয়া হয়।

জিন ম্যুটেশ্যন

যেতিয়া শৰীৰৰ কোনো অংশৰ কোষবোৰ অনিয়ন্ত্ৰণিতভাৱে বৃদ্ধি হয় তেতিয়া তাক কৰ্কট ৰোগ বুলি কোৱা হয়। কৰ্কট ৰোগ বহু প্ৰকাৰৰ থাকে।

কোষ বৃদ্ধি

কোষ বৃদ্ধি হোৱাৰ পাছত কোষবোৰ একত্ৰিত হৈ এটা ঠাইত ই টিউমাৰৰ দৰে হয়। এই টিউমাৰ প্ৰথম অৱস্থাত মটৰৰ দৰে সৰু হয়।

টিউমাৰ

কৰ্কটৰ কোষবোৰ পৰৱৰ্তী সময়ত অন্য অংগত বিয়পিবলৈ আৰম্ভ কৰে। ইয়াক মেটাস্তিচিচ বুলি কোৱা হয়। এয়া কৰ্কট ৰোগৰ চতুৰ্থ স্তেজ বুলি কোৱা হয়।

মেটাস্তেচিত

মেটাস্তিচিচৰ সময়ত সঠিক চিকিৎসা লাভ নকৰিলে ই সম্পূৰ্ণ শৰীৰত বিয়পি পৰে আৰু টিউমাৰৰ আকাৰ ডাঙৰ হয়।  এনে পৰিস্থিতিত ৰোগীৰ মৃত্যুৰ আশংকা বৃদ্ধি হয়।

শেষৰ স্তেজ

পঢ়িবলৈ ক্লিক কৰক 

ঘৰৰ এই দিশত কেতিয়াও নাৰাখিব ঝাড়ু