ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ নিয়ম CBSE ৰ

15 Oct 2024

TV9 ASSAM

পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ বাবে বিশেষ নীতি ৰূপায়ন কৰিছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে  ।

বিশেষ নীতি

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ নিৰ্দেশনা অনুসৰি,শ্ৰেণীকোঠাত ন্যূনতম ৭৫% উপস্থিতি থাকিলেহে ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ।

ন্যূনতম উপস্থিতি

ইয়াৰ লগতে পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপ, চৰিত্ৰ গঠন, দলীয় কাম আৰু যোগদানৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে ।

অন্যান্য কাৰ্যকলাপ

বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণী কোঠাত ৭৫% উপস্থিতি নিশ্চিত কৰিবৰ বাবে বিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে  ।

 ৭৫% উপস্থিতি

চিকিৎসাজনিত,ক্ৰীড়া অনুষ্ঠানত অংশগ্ৰহণ, অন্যান্য জৰুৰীকালীন অৱস্থাৰ ছাত্ৰ-ছাত্ৰীয়ে উপস্থিতিত ২৫%  শিথিলতা লাভ কৰিব ।

শিথিলতা

কিন্তু এই শিথিলতা লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসাৰ প্ৰমাণপত্ৰৰ দৰে সঠিক নথিপত্ৰ প্ৰদান কৰিব লাগিব ।

প্ৰমাণপত্ৰ

দায়িত্বশীল, সু-সংস্কাৰী ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশত গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে  ।

সামগ্ৰিক বিকাশ

পঢ়িবলৈ ক্লিক কৰক

পৰ্যটকৰ বাবে পবিতৰা মুকলি